আজিৰ পৰা ৯ বছৰ পূৰ্বে জনতা ভৱনৰ সন্মুখত সংঘটিত হৈছিল এক অভিশপ্ত ঘটনা।

থলুৱাক ভূমি পট্টা প্ৰদানৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চলোৱা আন্দোলনত আত্মজাহ দি শ্বহীদ হৈছিল প্ৰণৱ বড়ো।কিন্তু আজিও ন্যায় নাপালে প্ৰণৱ বড়োৱে।

জানিব পৰা মতে, মৃত্যুবাৰ্ষিকীৰ দিনটোত প্ৰণৱ বড়োৰ প্ৰতিচ্ছবি লৈ শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ চচলৰ প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাতে হাতে বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। পুঁজিপতিক নহয়, থলুৱা ভূমিহীনক ভূমিৰ অধিকাৰ দিবলৈ পুনৰ দাবী উত্থাপন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। থলুৱাক উচ্ছেদ কৰি পুঁজিপতিক ভূমি গটোৱাৰ নীতি কেতিয়াও মানি নলয় বুলি কঠোৰভাৱে কয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

আনহাতে, অভিশপ্ত দিনটোৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ প্ৰণৱ বড়োৰ পত্নীয়ে ক’লে- “মোৰ স্বামীৰ মৃত্যুক লৈ ৰাজনীতি কৰিলে চৰকাৰে। সেয়া হ’ব নালাগিছিল। থলুৱাক ভূমিৰ অধিকাৰ দিয়াৰ সংগ্ৰাম কৰি মোৰ স্বামীয়ে আত্মজাহ দিলে। তেওঁৰ মৃত্যু অথলে যাব নোৱাৰে। এই সংগ্ৰামখন অব্যাহত থাকিব যেতিয়ালৈকে চৰকাৰে আমাক ভূমিৰ অধিকাৰ নিদিয়ে। আমি পাহাৰত থকা মানুহ পাহাৰতেই থাকিম। সেই অধিকাৰৰ পৰা আমাক কোনেও বঞ্চিত কৰিব নোৱাৰে” বুলি কৈ আৱেগিক হৈ পৰিল প্ৰয়াত প্ৰণৱ বড়োৰ দুৰ্ভগীয়া পত্নী।

ইয়াৰ বাবে কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে। এই আন্দোলন আগুৱাই নিয়াত যদি আৰু কোনো শ্বহীদ হ’ব লগা হয় তেতিয়াও এই আন্দোলন অব্যাহত থাকিব বুলি কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই।

পৰৰ্ৱতী সময়ত আৰু কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply