নিউজ ডেস্ক: সোমবাৰে দীঘলী পুখুৰী পাৰত আপৰ নেতাসকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়া জিলাৰ বৰডুবিৰ বিজেপিৰ বুথ সভাপতি সমুন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰ কৰাৰ দাবীত নেতাসকলে এই প্ৰতিবাদী কাৰ্যসুচী হাতত লয়।
নেতাসকলে দাবী উত্থাপন কৰা অনুসৰি বিজেপিৰ সভাপতি সমুন্দ্ৰ ৰায়ে ২০২৩ চনৰ ২০ মাৰ্চ তাৰিখে ১৩ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি ভুক্তভোগী কিশোৰীৰ মাতৃক আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছিল। ১৪ এপ্ৰিল আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল ভুক্তভোগীৰ মাতৃ।

২০২৩ চনৰ ২১ এপ্ৰিলত ৫৩ বছৰীয়া সমুন্দ্ৰ ৰায় লিম্বুৰ বিৰুদ্ধে ভুক্তভোগীৰ ভাতৃয়ে বৰডুবি থানাত ৪৩৪/২০২৩ নম্বৰৰ জি আৰ গোচৰ নং. ৩১/২০২৩ ত এজাহাৰ ৰুজু কৰাইছিল যদিও কিন্তু আজিলৈকে অপৰাধী গ্ৰেপ্তাৰ হোৱা নাই।
উল্লেখ্য যে দেওবাৰে অৱস্থান কৰা প্ৰতিবাদকাৰী সকলৰ প্ৰতিবাদ বলপূৰ্বকভাবে বন্ধ কৰি দুখন বাছত উঠাই প্ৰতিবাদকাৰী সকলক লৈ যোৱা হয়।

আজি এই প্ৰতিবাদত যোগদান কৰা ১৩ বছৰীয়া ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ জ্যেষ্ঠ ভাতৃ আৰু পৰিয়ালৰ আন ৫ গৰাকীকো আৰক্ষীয়ে আটক কৰিছে।
