কামপুৰৰ নিৰ্মাণ কাৰ্য্য চলি থকা কপিলী দলঙত অঘটন।

জানিব পৰা মতে, দক্ষিণ দিশৰ ফালে ভাঙি পৰিল নিৰ্মাণ হৈ থকা দলংখন ।

দলঙখন ভাঙি পৰাৰ ফলত কেইবাজনো শ্ৰমিক আহত হৈছে।

বৰ্তমান আহত হোৱা শ্ৰমিক সকলক চিকিৎসালয়লৈ প্ৰেৰণ হৈছে ।

তথ্য অনুসৰি, স্হানীয় ৰাইজে নিম্নমানৰ সামগ্ৰীৰে দলংখন নিৰ্মাণ কৰাৰ ফলত অঘটনটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

আনহাতে, স্থানীয় লোকে ঠিকদাৰ উত্তম চন্দ্ৰ নাহাতাৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ কৰিছে।

জানিব পৰা মতে, ঘটনা সংঘটিত হোৱাৰ সময়ত ৭০ জন শ্ৰমিকে কৰ্মৰত অৱস্হাত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply