গুৱাহাটীঃ শক্তিপীঠ কামাখ্যা এখন জাগ্ৰত শক্তিপীঠ। ভাৰতৰ ৫১খন জাগ্ৰত শক্তিপীঠৰ ভিতৰত অন্যতম অসমৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা। এই পীঠ স্থানতেই ২২জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী উৎসৱ। সমগ্ৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে অম্বুবাচী এটা পবিত্ৰ উৎসৱ। প্ৰতিবছৰে আহাৰ মাহৰ সাত তাৰিখৰ পৰা অম্বুবাচী উৎসৱ পালন কৰা হয়। এই উৎসৱতেই কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হয়। অম্বুবাচীৰ সময়ত শক্তিপীঠ কামাখ্যালৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মপ্ৰাণ ৰাইজৰ আগমণ ঘটে।

২২ জুনৰ নিশা ৮ বাজি ১৮ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যাৰ দুৱাৰ বন্ধ কৰি দিয়া হ’ব। ২৩, ২৪, ২৫ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ দ্বাৰ। নীতি-নিয়ম অনুসৰি দেৱীক স্নান, পূজা আদি কৰাৰ পাছতহে ২৬জুনত পুৱা খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ।

অম্বুবাচী উৎসৱৰ এই সময়খিনিত স্থানীয় লোকৰ নিৰ্ধাৰিত বাহনৰ বাহিৰে কামাখ্যা মন্দিৰলৈ অহা-যোৱা কৰিবলৈ অন্য বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নীলাচলত ভক্তৰ বাবে থকাৰ কোনো ব্যৱস্থা নাথাকিব বুলি মন্দিৰ কৰ্তৃপক্ষই জনাইছে। লগতে ভৰলুমুখ, বৰিপাৰা, নাহৰবাৰীতো নাথাকিব ভক্ত থকাৰ কেম্প। আনহাতে ভক্তৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছে ফাঁচীবজাৰ, গোশালা, আৰু পাণ্ডুত। কামাখ্যালৈ যোৱা পথত ভক্তৰ বাবে থাকিব খোৱাপানীৰ ব্যৱস্থা। অম্বুবাচীৰ এই সময়ত যাতে কোনো ধৰণৰ কুটাঘাটমূলক কাৰ্য সংঘটিত নহয় সেইয়া প্ৰত্যক্ষ কৰিবলৈ মন্দিৰ চৌহদ, নীলাচলৰ ভিন্ন প্ৰান্তত সংস্থাপন কৰা হৈছে CCTV কেমেৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply