নিউজ ডেস্ক: আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় যে অহা ১১ মে’ৰ পৰিৱৰ্তে ২৬ মে’ত দিয়া হ’ব নিযুক্তি পত্ৰ।
গৃহমন্ত্ৰী অমৃত শ্বাহৰ উপস্থিতত নিযুক্তি পত্ৰ প্ৰদান কৰা কাৰ্যসূচী আছিল। কিন্তু গৃহমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ কাৰ্যসূচী ২৬ মে’লৈ পিছুৱাই দিছে কিয়নো বৰ্তমান মণিপুৰত চলি থকা পৰিৱেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিয়ে এই সিন্ধান্ত গ্ৰহন কৰিছে।
এই ক্ষেত্ৰত যোগদানৰ তাৰিখ ১ জুনেই থাকিব কিন্তু নিযুক্তি পত্ৰ ১১ মে’ৰ পৰিৱৰ্তে ২৬ মে’ত দিয়া হ’ব।
আনহাতে সেই দিনটোতে গুৱাহাটীত ফৰ’ৰেনছিক চাইনচ ইউনিভাৰচিটি ৰ আধাৰশিলা গৃহমন্ত্ৰী উপস্থিতত স্থাপন কৰা হ’ব।