১০ মাৰ্চৰ পৰা ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱা ১৪ দিনীয়া বাজেট অধিবেশনৰ বৃহস্পতিবাৰে অন্ত পৰে। অধিবেশনৰ অন্তিমটো দিনত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদৰী কৰি কয় যে অসম বিধানসভাৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব কোকৰাঝাৰত।
গুৱাহাটীতে সীমাবদ্ধ নাথাকি বিধানসভাৰ বৈঠক প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুস্থিত কৰাৰ পৰিকল্পনা কৰা হৈছে । বিধানসভাক ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন।
লগতে অধ্যক্ষগৰাকীয়ে কয় যে, আমি বিধানসভাৰ কাম-কাজ ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে বিধানসভাৰ অধিৱেশন অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা কৰা হৈছে। গতিকে কোকৰাঝাৰত এখন বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব।
অৱশ্যে এই অধিৱেশন কেতিয়া অনুষ্ঠিত হ’ব সেই কথা অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা নাই।