অসম চৰকাৰে ১৪ এপ্ৰিলত ১১ হাজাৰৰো অধিক বিহু নৃত্যশিল্পীৰ বৃহত্তম মণ্ডলীৰ ক্ষেত্ৰত আগন্তুক ৰঙালী বিহু অনুষ্ঠানক সৰ্ববৃহৎ দৃশ্য হিচাপে পৰিগণিত হোৱাৰ লগতে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত প্ৰৱেশ কৰিবলৈ সাজু হৈছে।

এই সন্দৰ্ভত ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ লগতে দেশৰ অন্যান্য মহানগৰতো প্ৰচাৰ PR blitzkrieg আৰম্ভ কৰা হৈছে।

গুৱাহাটীৰ সৰুসজাই ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্ঠিত থাকিব। এই অনুস্হানৰ বাবে জি-২০ আৰু আছিয়ান দেশৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, এই অভিলেখ প্ৰচেষ্টাৰ মূল উদ্দেশ্য হৈছে বিহুক জনপ্ৰিয় কৰি বিশ্ব মঞ্চলৈ লৈ যোৱা। অসমীয়া সংস্কৃতিৰ জীৱনৰেখা বিহুক সমগ্ৰ বিশ্বই চিনি পোৱাৰ বাবে মুখ্যমন্ত্রীয়ে প্রস্তুতিৰ ওপৰত নিৰীক্ষণ কৰি আহিছে৷

ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অসংখ্য নৃত্যশিল্পীক বিহু নৃত্যৰ প্ৰদৰ্ষন কৰিবলৈ মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ দিয়া হৈছে। বৃহত্তম বিহু অনুষ্ঠানৰ স্থান সৰুসজাই ক্ৰীড়া কমপ্লেক্সত মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী উপস্থিত থাকে।

তেওঁ কয়,  ‘বৃহৎ বিহু অনুষ্ঠানৰ বাবে মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ চলি থকা সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকি মই আনন্দিত হৈছো। ১৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ১১ হাজাৰ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰি অসমে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে।’

আনহাতে, বৃহত্তম বিহু উৎসৱত যোগদান কৰিবলৈ আৰু একেলগে ইতিহাস ৰচনা কৰিবলৈ সকলোকে আদৰণি জনাই ৰাষ্ট্ৰীয় ৰাজধানীৰ বিশিষ্ট স্থানৰ বাছ ষ্টপেজত আৰু আনকি দিল্লী মেট্ৰ’ৰ হালধীয়া আৰু নীলা লাইনত সকলো ডবাকে বিহুৰ হৰ্ডিংৰে মেৰিয়াই থোৱা হৈছে। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যোৱা প্ৰধান পথবোৰত হৰ্ডিং দেখা যায়।

বৰ্তমান অসমৰ ৩১খন জিলাৰ আটাইকেইখনতে অংশগ্ৰহণকাৰীসকলে কৰ্মশালাত নিয়োজিত হৈ আছে। প্ৰতিখন জিলাতে প্ৰায় ৫০ জন বিহু নৃত্যশিল্পী বা মাষ্টাৰ ট্ৰেইনাৰৰ দলে প্ৰশিক্ষণ প্ৰদান কৰি আছে। এই কৰ্মশালাসমূহত ১৫ৰ পৰা ৩৫ বছৰ বয়সৰ কলা-কৌশলীসকলে অংশগ্ৰহণ কৰিছে।

আনহাতে, ৮ এপ্ৰিলত জিলাসমূহত প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত অংশগ্ৰহণকাৰীসকলে গুৱাহাটীত একত্ৰিত হ’ব, আৰু ৯ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈকে সাজপাৰ পৰিধান কৰি ৰিহাৰ্চেল অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply