উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি বিধানসভাৰ মজিয়াত সদৰী কৰি কয় যে, বিধানসভাত উদ্যোগ, বাণিজ্য বিভাগৰ তথ্য অনুসৰি নগাঁও আৰু কাছাৰ কাগজ কলৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ১৪00.00 কোটি টকা।

কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ লিখিত প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে নগাঁও কাগজ কলৰ স্থাৱৰ আৰু অস্থাবৰ সম্পত্তিৰ মূল্য হ’ল ৭৪৭.৭১৬ কোটি টকা।

আনহাতে, কাছাৰ কাগজ কলৰ সকলো সম্পত্তিৰ লগতে হাফলঙৰ ১০ কঠা মাটি নিলামযোগে হিন্দুস্তান কাগজ নিগম লিমিটেডৰ লিকুইডেটৰ পৰা ক্ৰয় কৰে। ইয়াৰ পিচত অসম চৰকাৰে দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলক লিকুইডেটৰ তথ্য অনুসৰি পাবলগীয়া দৰমহাৰ লগতে ৯৬ শতাংশ গ্রেছুইটা আদায় দিয়ে।

ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে নগাঁও কাগজ কলৰ প্লেন্ট, মেচিনাৰী বিক্ৰী কৰাৰ লগতে কাছাৰ কাগজ কলটো পুনৰ উজ্জীৱিত কৰিবলৈ যোৱা ১৬ নৱেম্বৰত নিবিদা আহ্বান কৰা হয়।

নগাঁও কাগজ কলৰ প্লেণ্ট আৰু মেচিনাৰী বিক্ৰীৰ ক্ষেত্ৰত নিবিদাদাতাৰ পৰা সঁহাৰি পোৱা গৈছে যদিও কাছাৰ কাগজ কলৰ ক্ষেত্ৰত নিবিদাদাতাৰ পৰা সঁহাৰি পোৱা নগ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply