নগাঁওঃ নগাঁও চহৰৰ বৰঘাট বাইপাচ এলেকাৰ কদৰ্যময় পৰিৱেশে চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক।
বিগত কিছুদিন ধৰি নগাঁও জিলা প্ৰশাসনৰ অধীনৰ নগাঁও পৌৰ সভাই নগাঁও চহৰৰ সমস্ত জাবৰ-জোথঁৰ আৰু সমস্ত লেতেৰা আৱৰ্জনাবোৰ গোটাই আনি এই বৰঘাট বাইপাচৰ মুকলি এলেকাত পেলাবলৈ লৈছে। ফলত বিঘ্নিত হৈছে সুন্দৰ এলেকাটোৰ প্ৰাকৃতিক পৰিৱেশ।
বিভিন্ন জৈৱ বৈচিত্ৰ্যৰ সমাহাৰ এই অঞ্চলটোত বিভিন্ন সময়ত আগমণ ঘটে বহু দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ চৰাই চিৰিকতি।
আৰু পঢ়কঃবিগত ৩০ বছৰে মুকলি নহ’ল ৰহাৰ চাংচকীৰ ১৫ খন বিচনাযুক্ত চিকিৎসালয়খন
কিন্তু এতিয়া সুন্দৰ অঞ্চলটোৰ বিনন্দীয়া ৰূপ ধ্বংস হৈ পৰিৱৰ্তিত হৈছে “Dumping Ground”লৈ। প্ৰ
এই কদৰ্যময় পৰিৱেশে বায়ু প্ৰদূষিত কৰিছে। স্থানীয় লোকে বায়ু প্ৰদূষণৰ ওপৰিও ম’হ, মাখি, লেতেৰা গোন্ধৰ সম্মুখীন হ’বলগীয়া হৈছে।
যাৰ বাবে স্থানীয় ৰাইজে নগাঁও জিলা প্ৰশাসনক এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।