তেজপুৰঃ তেজপুৰ ডিপোটা নদীৰ পাৰ এতিয়া ভৰি পৰিছে আৱৰ্জনাৰে।
এই সুন্দৰ নান্দনিক পৰিবেশ বিনষ্ট কৰাক লৈ এতিয়া শংকিত স্থানীয় ৰাইজ।
নদীৰ পাৰৰ আৱৰ্জনাসমূহে এতিয়া সমগ্ৰ পৰিবেশ বিনিষ্ট কৰাৰ লগতে পানীত থকা জীৱকুললৈ নমাই আনিছে বিপৰ্যয়।
লগতে পঢ়কঃৰাজ কুন্দ্ৰাৰ ৱেব চিৰিজত কাম কৰাৰ সুযোগ লাভ কৰিছিল অসমৰ এগৰাকী যুৱতীয়ে
পেলনীয়া সামগ্ৰীৰ লগতে প্লাষ্টিকৰ আৱৰ্জনাসমূহে পানী প্ৰদূষণ কৰাৰ ফলত নদীখনত হ্ৰাস পাইছে মাছৰ সংখ্যা। ইতিমধ্যে বহু মাছৰ মৃত্যু হৈছে।
বহুবাৰ এই কাৰ্যক লৈ স্থানীয় ৰাইজে বিৰোধিতা কৰাৰ পিছতো অবিৰত ভাবে এই কাৰ্য অব্যাহত থকাক লৈ অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ।