মৰাণ জনগোষ্ঠীটো অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ। মৰাণ জনগোষ্ঠী স্বকীয় আৰু চহকী কলা সংস্কৃতিৰ অধিকাৰী । বৰ্তমান উজনি অসমৰ তিনিচুকীয়া জিলাতেই অধিক সংখ্যক মৰাণ জনগোষ্ঠীৰ লোকে বাস কৰে । অন্যান্য অসমীয়া সকলৰ দৰেই মৰাণসকলৰ মূল জাতীয় উৎসৱ বহাগ বিহু বা ৰঙালী বিহু ।
বহাগ বিহু কৃষিজীৱী মৰাণৰ অতিকৈ চেনেহৰ উৎসৱ ৷ মৰাণ সকলে চ’তৰ সংক্ৰান্তিত বিহু পালন নকৰে । চ’তৰ সংক্রান্তিৰ ওপৰত গুৰুত্ব নিদি পৰম্পৰাগত নীতি-নিয়ম অনুসৰি মৰাণসকলে বহাগ তথা ৰঙালী বিহুৰ দিন-বাৰ নির্ধাৰণ কৰে ৷ মৰাণসকলৰ বিহু মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰৰ পৰা মানুহ বিহু৷
উত্তৰ বৈষ্ণৱ কালতো গুৰু পৰামৰ্শ অনুসৰি মৰাণ সকলে বহাগৰ প্ৰথম মঙ্গলবাৰটোক উৰুকা আৰু বুধবাৰটোক গৰু বিহু হিচাপে লৈ বিহু নমাই পালন কৰে ।
মৰাণ জনগোষ্ঠীয়ে অতীজৰে পৰা পালন কৰি অহা বসন্ত উৎসৱৰ এক আকৰ্ষণীয় ব্যতিক্ৰম পৰম্পৰা হ’ল ৰাতি বিহু ।
ৰঙালী বিহুত তেওঁলোকে ৰাতি বিহু , গছ তলৰ বিহু আৰু ধৰ্ম হুচৰি গোৱা প্ৰথা প্ৰচলন আছে । ইয়াৰ লগতে বহাগ বিহুৰ আনুষংগিক প্ৰথা-পৰম্পৰা কিছুমানো তেওঁলোকে পালন কৰি আহিছে ।
বুৰঞ্জীয়ে ঢুকি নোপোৱা সময়ৰ পৰাই অৰ্থাৎ প্ৰাক্ ঐতিহাসিক কালৰ পৰাই মৰাণ সকলে ৰাতি বিহু পালন কৰি আহিছে । অতীজত ৰাতি বিহু দীঘলীয়াকৈ কেইবাদিনৰ বাবে পালন কৰা হৈছিল । সময়, আধুনিকতা তথা ব্যস্ত জীৱন শৈলীয়ে এই পৰম্পৰালৈ কিছু কিছু পৰিবৰ্তন আনিছে ।
পূৰ্বৰ দৰে ব্যাপকভাৱে ৰাতি বিহু নামাৰিলেও কেইখনমান গাঁৱত এতিয়াও ৰাতি বিহু মৰা প্ৰথাটো প্ৰচলন হৈ আছে । ইয়াৰ ভিতৰত বৰসাপজানৰ বেতনি গাঁৱৰ ৰাতি বিহু উল্লেখনীয় ।