টীয়ক: দিনদুপৰতে টীয়কত তলা ভাঙি চোৰে চলালে লুটপাত। কিছু দিনৰ পৰা টীয়ক নগৰখন যেন চোৰৰ ৰম্যভূমিত পৰিণত হৈছে।বিগত মাহটোত প্ৰায় ১০ টাকৈ সৰু বৰ চুৰি ঘটনা সংঘটিত হোৱাৰ সমান্তৰালকৈ আজি পুনৰ দিন দুপৰতে টীয়ক হলি ফ্লাৱাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সমীপত চোৰে লুট পাত চলাই।

নামৰ চিকিৎসা কৰ্মী তৰু বৰা কৰ্মৰত অৱস্থাত থকাৰ সময়ত ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰে আৰু আলমীৰাটো ভাঙি প্ৰায় চাৰিলাখ টকাৰ সোণৰ আা অলংকাৰ আদিকে ধৰি কেইবাহাজাৰ নগদ টকা লৈ পলায়ন কৰে।
আনহাতে ওচৰৰ লোকে জনোৱা মতে এখন নীলা ৰঙৰ নম্বৰপ্লেটবিহীন স্কুটি লৈ হেলমেট পৰিধান কৰি কাপোৰ বিক্ৰী কৰাৰ ভাঁও ধৰি মানুহৰ ঘৰে ঘৰে প্ৰবেশ কৰে উক্ত চোৰটোৱে আৰু সুযোগ বুজি চুৰি কাৰ্য সংঘটিত কৰে।আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বিগত বহুদিন ধৰি টীয়কত চলি থকা এনে কাণ্ডই আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাইছে বুলিহে অভিহিত কৰিছে সাধাৰণ জনতাই।

লগতে পঢ়ক- মৰাণৰ দুটা হত্যাকাণ্ডৰ লগত জড়িত থকা অভিযোগত তিনিজনক জে’ললৈ প্ৰেৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply