মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে ২০২৩-২৪ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য (MSP)ত অনুমোদন জনাইছে। কৃষি ব্যয় আৰু মূল্য আয়োগ (CACP)ৰ পৰামৰ্শৰ ভিত্তিত এই অনুমোদন জনোৱা হৈছে।

২০২৩-২৪ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ এমএছপি (পূৰ্বৰ টিডি-৫ গ্ৰেডৰ সমতুল্য টিডি-৩) প্ৰতি কুইন্টলত ৫০৫০/- টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰদ্বাৰা সৰ্বভাৰতীয় ওজনযুক্ত গড় উৎপাদন ব্যয়ৰ তুলনাত ৬৩.২০ শতাংশ লাভ নিশ্চিত হ’ব।

২০২৩-২৪ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ঘোষিত এমএছপি ২০১৮-১৯ৰ বাজেটত চৰকাৰে ঘোষণা কৰা সমগ্ৰ ভাৰতৰ ওজনযুক্ত গড় উৎপাদন ব্যয়ৰ কমেও ১.৫ গুণৰ স্তৰত এমএছপি নিৰ্ধাৰণৰ নীতিৰে সামঞ্জস্যপূৰ্ণ।

ই লাভৰ সীমা হিচাপে ন্যূনতম ৫০ শতাংশ নিশ্চিত কৰে। মৰাপাটৰ খেতিয়কসকলৰ অধিক পাৰিতোষিক লাভ নিশ্চিতকৰণৰ লগতে গুণগত পাটৰ আঁহক প্ৰোৎসাহিতকৰণৰ দিশত ই অন্যতম গুৰুত্বপূৰ্ণ আৰু প্ৰগতিশীল পদক্ষেপ।

ভাৰতীয় মৰাপাট নিগমে (JCI) কেন্দ্ৰীয় চৰকাৰৰ ন’ডেল এজেন্সী হিচাপে মূল্য সমৰ্থন কাৰ্য্যকলাপ পৰিচালনা কৰিব আৰু এনে কাৰ্য্যকলাপত লোকচান সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে পৰিশোধ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply