কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ সুৰা কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰ ৰুজু কৰিছে ।

জানিব পৰা মতে, তদন্তকাৰী সংস্থাটোৱে এইবাৰ দিল্লী চৰকাৰৰ ফিডবেক ইউনিট (এফ বি ইউ)ত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত চিছ’দিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

তথ্য অনুসৰি, ২০১৫ চনত দিল্লীত ক্ষমতালৈ অহাৰ পিছত আপে গঠন কৰিছিল এই ফিডবেক ইউনিট (এফ বি ইউ)। চিবিআইৰ দাবী কৰে যে, এই ফিডবেক ইউনিটৰ অবৈধ পদ্ধতিৰে গঠন কৰা হৈছিল আৰু এনে অবৈধ পদ্ধতিৰে কাম কৰাৰ ফলত চৰকাৰী ৰাজকোষত প্ৰায় ৩৬ লাখ টকাৰ অনিয়ম হোৱা দেখা গৈছে।

ইফালে  আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দলীয় সতীৰ্থ চিছ’দিয়াৰ বিৰুদ্ধে চিবিআইৰ এই নতুন গোচৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি, চিবিআইৰ এই পদক্ষেপক কেজৰিৱালে দেশৰ বাবে দুখজনক বুলি অভিহিত কৰে।

আনহাতে, আপৰ মুৰব্বীগৰাকীয়ে লগতে মনীষ চিছ’দিয়াৰ বিৰুদ্ধে এয়া প্ৰধানমন্ত্ৰী মোদীৰ এক ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে। এক টুইট যোগে কেজৰিৱালে কয় যে, “প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা হৈছে মনীষৰ বিৰুদ্ধে কেইবাটাও ভুৱা গোচৰ জাপি দি দীৰ্ঘদিন জিম্মাত ৰখোৱা। দেশৰ বাবে এয়া এক দুখৰ কথা!”

উল্লেখ্য যে,  ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত চিছ’ডিয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰিছিল।  

আনহাতে, ভাৰতীয় জনতা পাৰ্টিয়ে চিছ’দিয়া আৰু আপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আহ্বান জনোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী কেজৰিৱালে এই অভিযোগক ৰাজনৈতিক উদ্দেশ্য বুলি অভিহিত কৰি উত্থাপিত অভিযোগ খণ্ডন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply