নিউজ ডেস্কঃ ৰাজ্যজুৰি বৰ্তমান উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হৈ আছে। তাৰ মাজতে মঙলবাৰে অনুষ্ঠিত হোৱা ৰাসয়ন বিজ্ঞানৰ প্ৰশ্নকাকত আগদিনাই ফাদিল হোৱা বুলি সামাজিক আৰু সংবাদ মাধ্যমত বিয়পি পৰে। লগে লগে ৰাজ্যজুৰি অভিভাৱক আৰু পৰীক্ষাৰ্থী মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰম্ভ হয় ।

কিন্তু এতিয়া চিন্তাৰ অৱসান ঘটিল। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক প্ৰেছ বিবৃতি জৰিয়তে জনাই যে, প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ভূৱা বাতৰিত প্ৰচাৰ হৈছে, এনে ধৰণৰ ভূৱা বাতৰিক বিশ্বাস নকৰিবলৈ সকলোকে আহ্বান জনাই।

লগতে, টুইটাৰত প্ৰেছ বিবৃতিটো টুইট কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, “মই ব্যক্তিগতভাৱে বিষয়টো পৰীক্ষা কৰিছো। আমি পৰম যত্ন লৈ আছো আৰু সতৰ্কতা বজাই ৰাখিছো। অনুগ্ৰহ কৰি ভুৱা বাতৰি আৰু উৰাবাতৰিৰ প্ৰতি দৃষ্টি নিদিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply