নাজিৰাঃ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা ৷ যিমানেই আক্ৰান্তৰ সংখ্যা বাঢ়িছে সিমানেই দায়িত্ব আৰু ব্যস্ততা বাঢ়িছে চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী-প্ৰশাসনৰ।
নিজৰ জীৱন তথা পৰিয়ালক তুচ্ছ জ্ঞান কৰি আগশাৰীত থাকি কোভিড ৰোগীৰ সেৱা আগবঢ়াই অহা কৰ্মীৰ লগতে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত দিনে নিশাই ব্যস্ত হৈছে প্ৰশাসনিক বিষয়া-কৰ্মচাৰী সকলো ৷
ঠিক একেদৰেই নাজিৰা মহকুমাৰ মহকুমাধিপতি লখিমী দত্তই এই সংকটৰ সময়ত দেখুৱাইছে কৰ্তব্যবোধৰ নিদৰ্শন।
নিজৰ দুবছৰীয়া কনমাণি সন্তানক এৰি দিন-ৰাতি একাকাৰ কৰি কৰি গৈছে নিজ কৰ্তব্য ৷
মহকুমাটোৰ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি কণ্টেইনমেণ্ট জ’নৰ ৰোগী আৰু নগৰ চহৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানলৈকে সকলো তদাৰক কৰিছে মহকুমাধিপতি গৰাকীয়ে ৷
নিজৰ কনমাণি সন্তানক ঘৰত এৰি জনসাধাৰণৰ সেৱা আৰু সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত হৈ এই জটিল পৰিস্থিতিকো নেওচি যি মানৱ সেৱা আগবঢ়াইছে সেইয়া সঁচাকৈ আদৰণীয়।
নিজ কৰ্তব্য সুচাৰুৰূপে পৰিচালনা কৰি থকা এই মহিলা বিষয়াগৰাকীৰ কৰ্তব্যবোধে দিছে সামাজিক দায়বদ্ধতাৰ পৰিচয়।
এই মহিলা বিষয়াগৰাকীৰ কৰ্মত শলাগ লৈছে নাজিৰাবাসীৰ লগতে ৰাজ্যবাসীয়েও ৷
আৰু পঢ়কঃসোণাৰিত ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ