কৃত্ৰিম বানৰ পৰা মহানগৰবাসীক মুক্ত কৰিবলৈ গুৱাহাটী পৌৰ নিগমে হাতত লৈছে এক বিশেষ ব্যৱস্থা। পৰিষ্কাৰ কৰা হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ নলা-নৰ্দমাসমূহ, কিন্তু জাবৰ নিষ্কাশনৰ নামত হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে।

গুৱাহাটী পৌৰ নিগমে চহৰখন পৰিষ্কাৰ কৰাৰ নামত শেহতীয়াকৈ মহানগৰবাসীক হাৰাশাস্তি প্ৰদান কৰিছে।

পৰিষ্কাৰ কৰা হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ নলা-নৰ্দমাসমূহ। কিন্তু নলা-নৰ্দমাৰ আৱৰ্জনাসমূহ মূল পথত জমা কৰি থোৱাত এতিয়া গুৱাহাটীৰ বিভিন্ন ঠাইত নাগৰিকে নৰক যন্ত্ৰণা ভূগিবলগীয়া হৈছে। যাতায়তৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

অন্যহাতে বায়ু প্ৰদূষণৰো মূল কাৰক হিচাপে পৰিগণিত হৈছে নলা-নৰ্দমাৰ জাবৰসমূহ।

সদ্যহতে দেখা পোৱা যায় যে,  এন জি অ'(NGO) বা অন্য প্ৰতিস্থানসমূহে ঠিকা লোৱাৰ পৰৱৰ্তী পৰ্যায়ত জাবৰসমূহ নলাৰ পৰা উলিয়াই পথৰ কাষত ৰাখি থৈ নিজৰ দায়িত্ব সামৰে। যাৰ ফলস্বৰূপে পুনৰ বৰষুণৰ পাছত নলাতেই আবৰ্জনাসমূহ পৰি ৰয়।

বিগত কেইমাহ মানৰ পূৰ্বে পৌৰ নিগমত সংঘটিত হৈছিল জাবৰ নিষ্কাশনৰ নামত বৃহৎ কেলেংকাৰী৷ এই কেলেংকাৰী পোহৰলৈ অহাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল বহুকেইজন অভিযন্তা, বিষয়াৰ লগতে ঠিকাদাৰী প্ৰতিস্থানৰ স্বত্বাধিকাৰী।

গুৱাহাটী পৌৰ নিগমৰ একাংশ বিষয়া তথা এন জি অ’ৰ গাফিলতিৰ বাবেই যেন সৌন্দৰ্যবৰ্দ্ধনৰ ক্ষেত্ৰত বাধা আহি পৰিছে। কেইটামান দিনৰ পূৰ্বে সৃষ্টি হোৱা বালিৰ ধুমুহাও যেন ইয়াৰেই পৰিণতি আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply