আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এক অনুষ্ঠান আয়োজন কৰা হয়।

এই অনুষ্ঠানত ৩৯৪ গৰাকী অৱসৰপ্ৰাপ্ত অংগনবা়ডী কৰ্মী আৰু ৩৯৯ গৰাকী সহায়িকালৈ অৱসৰকালীন প্ৰথম পৰ্যায়ৰ সাহায্য আগবঢ়োৱা হয়।

২০২২ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱা আঁচনিৰ জৰিয়তে ৬০ বছৰত অৱসৰ হোৱা অংগনবাড়ী কৰ্মীক এককালীন ৪ লাখ টকা সাহায্য,  ক্ষুদ্ৰ অংগনবাড়ী কৰ্মীক ৩ লাখ টকা আৰু সহায়িকা কৰ্মী সকলক ২ লাখ টকাকৈ অৱসৰৰ এককালীন সাহায্য প্ৰদান কৰা কথা ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যোৱা বছৰ ১০০০ টা অংগনবাড়ী কেন্দ্ৰ বনোৱাৰ কাম সম্পন্ন কৰা হৈছিল। ঠিক সেইদৰে এই বছৰতো মুঠ ৪০০০ টা কেন্দ্ৰ বনোৱাৰ কাম হাতত লোৱা হৈছে।

লগতে তেওঁ উল্লেখ কৰে যে, যিসকল অংগনবাড়ী কৰ্মীয়ে ধাৰাবাহিকভাৱে স্ব-ইচ্ছাৰে ১০ বছৰ সেৱা আগবঢ়াই অৱসৰ লৈছে বা পৰলোক প্ৰাপ্তি হৈছে তেওঁলোককো নতুবা তেওঁলোকৰ পৰিয়ালৰ লোকলৈ ৫০ শতাংশ অৱসৰকালীন সাহায্য প্ৰদান কৰা হ’ব।

শেষত অৱসৰৰ পাছতো বিদ্যালয়লৈ শিক্ষকসকলে শিক্ষাদান কৰিবলৈ যাব পাৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply