চলিত বছৰৰ শেষৰ ফালে হ’ব কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন। সীমা নিৰ্ধাৰণৰ পিছত অনুষ্ঠিত কৰা হ’ব নিৰ্বাচন।

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ পিছত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যালয়ত উপস্থিত থাকে। তাত তেওঁ সদস্যসকলৰ সৈতে আলাপ-আলোচনাত মিলিত হয় আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদখন কেনেকৈ শক্তিশালী কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰে।

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ স্থানীয় লোকসকলৰ বিভিন্ন সমস্যাসমুহৰ ওপৰতো কথা পাতে।

তেওঁ উল্লেখ কৰে যে, খুব কম দিনৰ ভিতৰত গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও আৰু দক্ষিণ শালমাৰা জিলাক সামৰি গাঁওকেইখন চিনাক্তকৰণ কৰি আৰু বছৰটোৰ শেষৰফালে নিৰ্বাচন পতাৰ ব্যৱস্থা কৰিব বুলি জনায়।   

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply