জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত গেলা হাটিঙাত বৃহস্পতিবাৰে গেলাহাটিঙা আদৰ্শ মডেল হাইস্কুলৰ শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ লগত এটিকৈ গছপুলি ৰোপন কৰে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে বিদ্যালয়ৰ মজিয়াত বহি সকলোৰে সৈতে মধ্যাহ্ন ভোজনৰ সোৱাদ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মধ্যাহ্ন ভোজনত আছিল ভাত, দালি, পনীৰ, ভাজি আৰু এটাকৈ ৰসগোল্লা ৷ মুখ্যমন্ত্ৰীৰ একেলগে আহাৰ গ্ৰহণ কৰিলে সাংসদ পল্লৱ লোচন দাস, বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷
মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক অহা জুলাই মাহত গুৱাহাটী ফুৰাবলৈ নিয়াৰ কথাও উল্লেখ কৰে। কাষতে মুখ্যমন্ত্ৰী মামাক পাই উৎফুল্লিত হৈ পৰিল ছাত্ৰ-ছাত্ৰী সকল৷