বৃহস্পতিবাৰে কৰ্ণাটকৰ বেলগাৱীত এখন ৰাজহুৱা সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো মাদ্ৰাছা বন্ধ কৰাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ চৰকাৰে বৰ্তমান পৰ্যন্ত ৬০০খন মাদ্ৰাছা বন্ধ কৰি দিছে আৰু বাকী থকা সকলো শীঘ্ৰে বন্ধ কৰা হব।
হিমন্ত বিশ্ব শৰ্মাই কয়, “আমাক মাদ্ৰাছা নালাগে…আমাক অভিযন্তা আৰু ডাক্তৰ লাগে…”। নতুন ভাৰতত মাদ্ৰাছা নহয়, বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰয়োজন আছে।
জানিব পৰা মতে, , বিগত সময়তো হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে মাদ্ৰাছাৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছিল আৰু বৰ্তমান অসমত ৩ হাজাৰ পঞ্জীয়নভুক্ত আৰু পঞ্জীয়নবিহীন মাদ্ৰাছা আছে বুলি তেখেতে উল্লেখ কৰিছে।
আনহাতে, ২০২০ চনত হিমন্ত বিশ্ব শৰ্মাই এখন আইন আনিছিল, যত চৰকাৰী সকলো মাদ্ৰাছাক ‘নিয়মীয়া বিদ্যালয়’লৈ ৰূপান্তৰিত কৰা হ’ব বুলি উল্লেখ কৰিছিল।