ৰহাঃ দুবাৰকৈ প্ৰলয়ংকাৰী বানে বিধস্ত কৰা নগাঁও জিলাৰ ৰহা সমষ্টিৰ চাপৰমুখত বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই উপস্থিত হৈ বানাক্ৰান্তৰ বুজ লয়। দিনৰ এক বজাত ৰেলেৰে চাপৰমুখ ৰেলৱে ষ্টেচনত উপস্থিত হৈ ষ্টেচনত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰা বানপীড়িত সকলৰ সমস্যাৰ বুজ লোৱাৰ ওপৰিও খাদ্য সামগ্ৰীৰ যোগান সঠিক ৰূপত লাভ কৰিছেনে নাই খবৰ লয়।

লগতে একাংশ বানাক্ৰান্তই মুখ্যমন্ত্ৰীগৰাকীক কৰা ওজৰ-আপত্তি সমূহো পৰ্যায়ক্ৰমে সমাধান কৰিব বুলি আশ্বাস দিয়ে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে কামপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি দক্ষিণপাটত উপস্থিত হৈ পুনৰ ঘাইপথেদি ৰহাত উপস্থিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply