অহা ২৩ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে অসমকে ধৰি উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বিশেষভাৱে ডিজাইন কৰা ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰেলখন নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’ব।

এন এফ ৰে’লৱেৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে, এই বিশেষ ৰেলখন ২১ মাৰ্চত দিল্লীৰ ছফদাৰজং ৰেল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি ২৩ মাৰ্চত গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হ’ব বুলি।

জানিব পৰা মতে,  ১৫ দিনীয়া এই ভ্ৰমণৰ সময়ছোৱাত ৰেলখনে অসমৰ গুৱাহাটী, শিৱসাগৰ, ফৰকাটিং আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জীক সামৰি ল’ব।

আনহাতে, আধুনিক ডিলাক্স এ চি টুৰিষ্ট ট্ৰেইনত দুখন ফাইন ডাইনিং ৰেষ্টুৰেণ্ট আৰু এটা পাকঘৰ আছে। সকলো সা-সুবিধাৰে এই ৰেলখন তৈয়াৰ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply