নিউজ ডেস্ক : সন্দেহযুক্ত অবৈধ বিদেশী নাগৰিকক বন্দি কৰি ৰখা অসমৰ ডিটেনচন চেণ্টাৰ সমূহৰ নাম সলনি কৰি ট্ৰেনজিট কেম্প কৰা হৈছে। বুধবাৰে অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে অসমত বৰ্তমান মুঠ ৬টা ডিটেনচন কেম্প আছে। এই ডিটেনচন কেম্পসমূহ গোৱালপাৰা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত স্থাপন কৰা হৈছে।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নহা তথা বিদেশী ন্যয়াধীকৰণে অবৈধ বিদেশী বুলি চিনাক্ত কৰা লোকসকলক এই কেন্দ্ৰ সমূহত আৱদ্ধ কৰি ৰখা হয়।
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে বিধানসভাত জনোৱা মতে অসমত বৰ্তমান ১৮১ গৰাকী ব্যক্তি ৰাজ্যৰ ৬টা ডিটেনচন কেন্দ্ৰত বন্দি হৈ আছে। ইয়াৰে ৬১ গৰাকীক বিদেশী বুলি ঘোষণা কৰাৰ বিপৰীতে ১২০ গৰাকী সন্দেহযুক্ত বিদেশী।
উল্লেখযোগ্য যে গোৱালপাৰাৰ মাটিয়াত ৪৬,৫১,২০,৫৬৩ টকাৰে ৩০০০ জন আৱাসী ৰাখিব পৰা ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ ডিটেনচন কেন্দ্ৰটো নিৰ্মাণ কৰি থকা হৈছে।
যোৱা বছৰৰ নৱেম্বৰ মাহত কামৰূপ, শিৱসাগৰ, কাৰ্বি আংলং, ডিমা হাছাও, গুৱাহাটী, কাচাৰ, কৰিমগঞ্জ, শোণিতপুৰ আৰু দক্ষিণ শালমৰা মানকাচাৰ জিলাত ৪২ গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল।
লগতে পঢ়ক : কলকাতা উচ্চ ন্যায়ালয়ৰ ৰোষত মমতা বেনাৰ্জী