নিউজ ডেস্ক : ক’ভিড ১৯ত আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত সচৰাচৰ দেখিবলৈ পোৱা এক সমস্যা হৈছে যে নিগেটিভ অহাৰ পিছতো কেইবা দিনলৈকে শৰীৰটো যথেষ্ট দুৰ্বল হৈ থাকে। ইয়াৰ এক অন্যতম কাৰণ হৈছে এই ভাইৰাছে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱ পেলায়।
সেয়ে ক’ভিডৰ পৰা সুস্থ হৈ উঠাৰ পিছত ঔষধ আৰু মাল্টিভিটামিনৰ উপৰি আপুনি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়।
বিশ্ব স্বাস্থ্য সংস্থা আৰু বৃটেইনৰ নেশ্যনেল হেল্থ ছাৰ্ভিচে ক’ভিড ৰোগীসকলৰ খ্যাদ্যাভ্যাসৰ কেতবোৰ পৰামৰ্শ আগবঢ়াইছে, য’ত ক’ভিড ৰোগীসকলক ভিটামিন, মিনাৰেলছ, প্ৰ’টিন, এণ্টি অক্সিডেণ্ট আৰু আঁহযুক্ত সেউজিয়া শাক পাচলি অধিক পৰিমাণে খাবলৈ কোৱা হৈছে।
কি কি খাব লাগে :
১. কেলৰি
যিহেতু আপোনাৰ শৰৰীটোৰ যথেষ্ট দুৰ্বল হৈ পৰিছে সেয়ে হেৰোৱা শক্তি ঘূৰাই আনিবলৈ আপুনি কেলৰিযুক্ত আহাৰ খোৱাটো যথেষ্ট দৰকাৰী। চাউল, আলু, ব্ৰেড, পাস্তা, ঘেঁহু জাতীয় খাদ্যশচ্য আদি খোৱা কৰক। কিন্তু কেৱল কেলৰি থকা অপুষ্টিকৰ খাদ্য যেনে ‘জাংক ফুড’ আদি এৰাই চলক।
২. প্ৰ’টিন
অধিক পৰিমাণে প্ৰ’টিনযুক্ত আহাৰ খাওক যাতে আপোনাৰ শৰীৰে দৈনিক ৭৫-১০০ গ্ৰাম প্ৰ’টিন লাভ কৰে। যিমান পাৰে ঘেঁহু, মাহ আৰু বাদাম জাতীয় খাদ্য, গাখীৰৰ সামগ্ৰী, ছ’য়াবিন আদি খোৱা কৰক। যদি আপুনি আমিষভোজী তেন্তে মাছ, কুকুৰাৰ মাংস, কণী আদি সৰহকৈ খোৱা কৰক।
ফল-মূল আৰু শাক-পাচলি
সতেজ ফল-মূল আৰু শাক-পাচলি আদিত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল, এণ্টি অক্সিডেণ্ট, ফ’লেইট আৰু ডায়েটেৰি ফাইবাৰ পোৱা যায়।
৪. ইমিউন-বুষ্টাৰছ
ফল-মূল, শাক-পাচলি, ঔষধি শাক আৰু কিছুমান মচলা জাতীয় খাদ্যৰ যথেষ্ট ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে। নিয়মীয়াকৈ এনেধৰণৰ খাদ্য খোৱাৰ অভ্যাস কৰক আৰু হালধি মিহলোৱা গাখীৰ, গ্ৰীন টী, হাৰ্বেল টী আদি ইমিউন-বুষ্টাৰছ গ্ৰহণ কৰক।
৫. পানীয়
সংক্ৰমণৰ ফলত যিহেতু আপোনাৰ শৰীৰটো ডিহাইদ্ৰেট (শৰীৰৰ পৰা পানী ওলাই গৈছে) গতিকে সুস্থ অৱস্থালৈ অহাৰ সময়ত শৰীৰটোক পুনৰ হাইদ্ৰেট কৰাৰ প্ৰয়োজন। দৈনিক ৮-১০ গিলাছ পানী খাওক, বিভিন্ন ধৰণৰ চুপ আদি বনাই খাওক।
লগতে পঢ়ক : ১৫ বছৰীয়া দাম্পত্য জীৱন সামৰি বিচ্ছেদৰ সিদ্ধান্ত আমিৰ খানৰ
ৰিকোভাৰী ডায়েটৰ সময়ত মনত ৰাখিব লগীয়া কিছু দিশ
১. পেকেজড কৰি থোৱা খাদ্যৰ পৰিৱৰ্তে সতেজ ফল-মূল, শাক-পাচলি আৰু মাংস আদি খোৱাত গুৰুত্ব দিয়ক।
২. বাহিৰৰ খাদ্যতকৈ ঘৰতে সাধাৰণভাৱে সতেজ আহাৰ বনাই খাওক।
৩. ভাল হ’বলৈ আৰম্ভ কৰা প্ৰথম দিনকেইটাত সৰহকৈ খোৱাত অসুবিধা হ’ব পাৰে, এনে হ’লে কম কমকৈ কিন্তু ঘনাই খোৱা কৰক।
৪. বহু ক’ভিড ৰোগীয়ে প্ৰথম অৱস্থাত গোটা বস্তু খাওতে অসুবিধাৰ সন্মুখীন হয় গতিকে আৰম্ভণিতে কোমল, সিদ্ধ কৰা বা জুলীয়াকৈ খোৱাবলৈ চেষ্টা কৰক।
৫. কেৱল ভালদৰে খালেই নহ’ব, শৰীৰটোক আগৰ অৱস্থালৈ আনিবলৈ ঠিক মতে জিৰণি লোৱা, সৰু সুৰা শাৰীৰিক কচৰৎ আদি কৰাত সমানেই গুৰুত্ব দিব লাগিব।
কি কি কৰিব নালাগে :
১. বাহিৰৰ খাদ্য মুঠেই নাখাব।
২. কুকিচ, কে’ক, চকলেট আদি এৰাই চলক। শীতল পানীয়, প্ৰচেচ্ড ফলৰ জুচ বা তেনে জাতীয় পানীয় শৰীৰৰ বাবে খুব অপকাৰী।
৩. যিকোনো ধৰণৰ প্ৰচেচ্ড মাংস বা খাদ্য এৰাই চলক। পুৰণি বা আগদিনা ৰন্ধা খাদ্য নাখাব।
ইংৰাজীত পঢ়ক : The Do’s and Don’ts of your post-COVID-19 diet