আজি পুৱা ৯ বজাৰ পৰাই আৰম্ভ কৰা হয় এই উচ্ছেদ কাৰ্য। ইয়াৰ বাবে দহখন জেচিবি আৰু পাঁচখন ফকলেন্ড ব্যৱহাৰ কৰি এই কায্য চলাই।
প্ৰশাসনৰ বুলডজাৰৰ সন্মুখত খহি পৰিলে বৃহত্ অট্টালিকা। অতি কম সময়ৰ ভিতৰত ভাঙি শেষ হল বহুতৰ সপোনৰ ঘৰখন।
শিলসাঁকো বিলত নিৰ্মাণ হোৱা সকলো অবৈধ বাসগৃহ উচ্ছেদৰ পণ লোৱা প্ৰশাসনে যুদ্ধসদৃশ পৰিৱেশৰ মাজেৰে চলাই আছে উচ্ছেদ অভিযান।
জানিব পৰা মতে, প্ৰায় তিনি দিন ধৰি চলিব লগা এই উচ্ছেদ অভিযানৰ বাবে প্ৰায় ৩ হাজাৰ আৰক্ষী জোৱানক মোতায়েন কৰা হৈছে।
ইতিমধ্যে পৰিৱেশ পৰ্যবেক্ষণ কৰিছে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই। ডেকাই প্ৰকাশ কৰা মতে, চৰকাৰে জিএমডিএ বিভাগৰ জৰিয়তে এই স্থানত নিৰ্মাণ কৰিব নতুন প্ৰজেক্ট। আনহাতে, শিলসাঁকো বিল হ’ব এক আটকধুনীয়া পৰ্যটনস্থলী, যাৰ বাবে সম্পূৰ্ণ ৰূপে মুক্ত হ’ব লাগিব মহানগৰীৰ শিলসাঁকো বিল।