নগাঁওঃ বৃহস্পতিবাৰে নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৰ তপতজুৰি পাহাৰত উদ্ধাৰ হোৱা ১৮টাকৈ মৃতহাতীৰ আজি ১৪টা সমাধিষ্ঠ আৰু ৪টা হাতীৰ সৎকাৰৰ ব্যৱস্থা কৰে স্থানীয় ৰাইজে।

হাতীকেইটা সমাধিষ্ঠ কৰাৰ পূৰ্বে পূজা অৰ্চনা কৰে স্থানীয় লোক সকলে।

স্থানীয় লোকসকলৰ লগতে পূজাত অংশ লয় স্থানীয় বিধায়ক জিতু গোস্বামী আৰু বনবিভাগৰ লোকেও।

আৰু পঢ়কঃতপতজুৰি পাহাৰত ১৮টা হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ঘটনাস্থলী পৰিদৰ্শন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

পাহাৰৰ ওপৰৰ ১৪টা হাতীৰ মৃতদেহ এক্সেভেটৰ নি গাঁত খান্দি সমাধিষ্ঠ কৰা হয়। আনহাতে তলত উদ্ধাৰ হোৱা ৪টা মৃত হাতী সৎকাৰৰ ব্যৱস্থা কৰে স্থানীয় ৰাইজে।

পুৱা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য গৈ পৰিস্থিতি অধ্যয়ন কৰি তদন্ত কৰিবৰ বাবে বন বিভাগক নিৰ্দেশ দিয়ে।

প্ৰধান বন সংৰক্ষক বন্যপ্ৰাণীৰ নেতৃত্বত হাতী কেইটাৰ মৃত্যুৰ তদন্ত আৰম্ভ হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply