নিউজ ডেস্কঃ উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে ৰাজহ গাঁৱত উচ্ছেদ নচলাবলৈ নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনা জাৰিৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ মুখামুখি হোৱাত তেওঁ কয় যে, বনভূমি, ৰাজহ গাঁও বুলি কোনো কথা নাই। চৰকাৰী মাটি বেদখল হ’লেই যিকোনো স্থানতেই উচ্ছেদৰ অভিযান চলি থাকিব।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বুঢ়াচাপৰিত উচ্ছেদ অভিযানৰ বাবে কংগ্ৰেছ বিধায়ক নুৰুল হুদা আৰু এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে চৰকাৰে কৰা কামক প্ৰশংসা কৰি ফোন কৰে বুলি জনাই।

কিন্তু উচ্ছেদস্থলীৰ পৰা বিধায়ক দুজনে উপস্থিত হৈ উচ্ছেদ কাৰ্য বাধা প্ৰদান কৰাৰ বাবেহে ফোনযোগে মুখ্যমন্ত্ৰী সৈতে যোগাযোগ হোৱা বুলি তথ্য পোহৰলৈ আহিছিল।

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজিকালি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা শুনাৰ বন্ধ কৰিলে নেকি? লগতে ফোনযোগে বিধায়ক দুজনে মুখ্যমন্ত্ৰীক ফোন কৰি ধন্যবাদ জনালে নে উচ্ছদেৰ ৰখোৱাৰ বাবে ফোন কৰিছিল ! ৰাইজক টুপী পিন্ধাইছে কোনে ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply