গোৰেশ্বৰঃ এগৰাকী অতি সাহসী তথা উদ্যমী আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্ম। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ মহৰিপাৰাৰ শিমিলা গাওঁৰ দেনাগ্ৰা ব্ৰহ্মৰ ২০১৮ চনৰ ২৩ ডিচেম্বৰত বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল বিয়োগ হৈছিল।
গোৱৰ্দ্ধনা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল দেনাগ্ৰা ব্ৰহ্ম। অতি সাহসী আৰু নিষ্ঠাবান আৰক্ষী বিষয়া হিচাপে খ্যাত দেনাগ্ৰা ব্ৰহ্ম খেলা ধূলাৰ লগতে দুঃসাহসিক ক্ৰীড়াৰ সৈতেও জড়িত আছিল।
গোৰেশ্বৰ মহৰিপাৰত বিহু দলৰ নেতৃত্ব প্ৰদান কৰাৰ লগতে সাংস্কৃতিক দিশতো আগভাগ লৈছিল দেনাগ্ৰাই।
আৰু পঢ়কঃ নিশা ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী
পিছে এইগৰাকী আৰক্ষী বিষয়াৰ পৰিয়ালে আজিলৈকে নাপালে প্ৰাপ্য। দেনাগ্ৰা ব্ৰহ্মৰ পত্নী সোণমইনা বড়োই লাভ কৰিবলগীয়া সম্পূৰ্ণ দৰমহা আজিলৈকে লাভ কৰা নাই।
সেই সময়ত বহু উচ্চ পদস্থ বিষয়াই দেনাগ্ৰৰ ঘৰত ভিৰ কৰি বহু প্ৰতিশ্ৰুতিয়ে দিছিল যদিও সেই প্ৰতিশ্ৰুতি সফল নহ’ল।
প্ৰাপ্য দৰমহা খিনিয়ে পাবলৈ সক্ষম হোৱা নাই দেনাগ্ৰা ব্ৰহ্মৰ পত্নীয়ে।
এটি কন্যা আৰু এজন পুত্ৰ সন্তান সৈতে বাস কৰি থকা দেনাগ্ৰা ব্ৰহ্মৰ পত্নীৰ জীৱনলৈ নামি আহিছে এতিয়া অমানিশা।
কেনেকৈ পোহপাল দিব নিজৰ পৰিয়ালক তাকেই লৈ চিন্তিত হৈ পৰিছে এসময়ৰ সৎ সাহসী আৰক্ষী বিষয়া দেনাগ্ৰাৰ পত্নী। তিনিটা বছৰে নিজৰ প্ৰাপ্য দৰমহা খিনি নোপোৱাত এতিয়া চকুলো টুকিবলগীয়া হৈছে ।
সেয়েহে চৰকাৰলৈ পৰিয়ালটোৱে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ শীঘ্ৰেই প্ৰাপ্য দৰমহা মোকলাই দিবলৈ দাবী জনাইছে।