গোলাঘাটঃ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশত চলিছে পূৰ্ণ প্ৰস্তুতি । কিন্তু যি শ্বহীদৰ বাবে দেশে স্বাধীনতা পালে, সেইসকলৰ বহুতেই উচিত মৰ্যদাৰ পৰা আজিও উপেক্ষিত।
প্ৰতিটো বৰ্ষৰে ১৫ আগষ্টত স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰি স্বাধীন হোৱাৰ আনন্দ উদযাপন কৰে দেশবাসীয়ে।
এইবাৰো দেশৰ লগতে অসম চৰকাৰ-প্ৰশাসন সাজু হৈছে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে।
কিন্তু চৰকাৰ-প্ৰশাসনে খবৰ ৰাখিছেনে স্বাধীনতা আন্দোলনৰ শ্বহীদ সকলৰ ? কি পৰ্যায়ত আছে শ্বহীদৰ সমাধি,শ্বহীদৰ পৰিয়াল ?
‘৪২ ৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দি শ্বহীদ হোৱা গোলাঘাট জিলাৰ অতি ভিতৰুৱা গোলোংটেমেৰাৰ দৰিদ্ৰতাই জুৰুলা কৰা কমলামিৰিৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ সেই ছবি স্পষ্ট ৰূপত বিদ্যমান।
অনেক বাৰ ৰজাঘৰলৈ আহ্বান জনাই ভাগৰি পৰিল কমলা মিৰিৰ পৰিয়ালৰ লোকে । শ্বহীদ গৰাকীৰ পৰিয়ালৰ লোকসকল চাংঘৰতে দিন অতিবাহিত কৰিছে ৷
ইফালে শ্বহীদ কমলামিৰিৰ সমাধিক্ষেত্ৰৰো জৰাজীৰ্ণ অৱস্থা। হাবি-বননিৰ মাজত পৰিত্যক্ত অৱস্থাত শ্বহীদ গৰাকীৰ সমাধিক্ষেত্ৰ।
এই সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে আজিকোপতি ন্যুনতম পদক্ষেপো নল’লে কোনো এখন চৰকাৰে ।
অৱশেষত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰিছিল যদিও এতিয়ালৈ সম্পূৰ্ণ হৈ উঠা নাই।
বোকাখাত সমষ্টিৰ গোলোংটেমেৰা গাওঁখনৰ উন্নয়নৰ ক্ষেত্ৰতো বহু পিছপৰা ৷ যিটো দুৰ্গম অঞ্চলৰ পৰা ওলাই গৈ নানা ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈ “ব্ৰিটিছৰ আগত লেখা দি ওলাই যোৱাতকৈ জে’লৰ ভিতৰতে মৰিম” বুলি ১৯৪৩ চনৰ ২৩ এপ্ৰিল তাৰিখে প্ৰাণাহুতি দিছিল মহান শ্বহীদজনে,কিন্তু সেই শ্বহীদজনৰ পৰিয়ালৰ লোকলৈ আজিলৈকে চকুত নপৰিল ৰজাঘৰৰ । নাপালে কোনো সা-সুবিধা ।
পৰিয়াল-গাওঁবাসীৰ লগতে দল-সংগঠনৰ ক্ষোভ,শ্বহীদ কমলামিৰিৰ ত্যাগক উচিত মৰ্যাদা দিয়া নাই কোনো এখন চৰকাৰে ৷
লগতে পঢ়কঃস্বাধীনতা দিৱস উপেলক্ষে চাফাই আৰু গছপুলি ৰোপন কাৰ্যসূচী
অতি ভিতৰুৱা অঞ্চলৰ পৰা গৈ আন্দোলন কৰি দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কমলামিৰিক উচিত সন্মান প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱ বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজৰ লগতে আছু আৰু সদৌ মিছিং ছাত্ৰ সন্থাই ।
বোকাখাত সমষ্টিৰ অন্তৰ্গত গোলোংটেমেৰাৰ ৰাইজৰ লগতে দল সংগঠনে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক শ্বহীদ গৰাকীৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ দাবী জনাইছে । এফালে স্বাধীনতা দিৱস উদযাপনৰ বাবে জাক-জমক আয়োজন,আনফালে শ্বহীদৰ সমাধিৰ পৰিত্যক্ত ৰূপ,উপেক্ষিত পৰিয়ালৰ বেদনা,সুবিধাৰ পৰা বঞ্চিত গাঁওবাসীৰ ক্ষোভ ৷ শ্বহীদ কমলামিৰিৰ পৰিয়াল-গাওঁবাসীৰ দাবীৰ প্ৰতি চৰকাৰখনে দৃষ্টি নিক্ষেপ কৰিবনে ?