ধেমাজিঃ ধেমাজি নগৰৰ মাজমজিয়াৰ ৩ নং ৱাৰ্ডত অৱস্থিত জিলাখনৰ অতিকৈ পুৰণি তথা বিতৰ্কিত বেৰীয়া মিলৰ পৰা ওলোৱা বিষাক্ত পানীয়ে জীয়াতু ভুগাইছে স্থানীয় লোকক। বিয়াগোম মিলটোত ব্যৱহাৰ হোৱা পানীসমূহ সঠিক স্থানত পেলাবলৈ নাই কোনো সুব্যৱস্থা। মিলটোৰ পিছফালে থকা এফ চি আইত এতিয়া দুৰ্গন্ধময় পৰিৱেশ। মিলৰ পৰা ওলোৱা বিষাক্ত পানীয়ে পৰিৱেশ, বায়ু প্ৰদূষণৰ লগতে বিভিন্ন বেমাৰৰ বীজাণু কঢ়িয়াই অনা আশংকা কৰিছে স্থানীয় ৰাইজে। মিলৰ পৰা ওলোৱা বিষাক্ত পানী সঠিক স্থানত পেলাবলৈ সু-ব্যৱস্থা কৰিবলৈ ধেমাজি পৌৰসভা তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়কঃবিদ্যালয় একত্ৰীকৰণক লৈ মুদৈজানত ৰাইজৰ প্ৰতিবাদ

পূৰ্বেও স্থানীয় ৰাইজে বহুবাৰ প্ৰশাসনক আবেদন নিবেদন জনাইছিল যদিও কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। এই বাতৰিৰ পিছত বিভাগীয় কৰ্তৃপক্ষ তথা নৱগঠিত পৌৰসভাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় বিষয়। ইফালে উক্ত পৰিৱেশৰ বিষয়ে খবৰ পাই অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্বল কুমাৰ চুতীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে স্থানীয় ৰাইজক লৈ তীব্ৰ প্ৰতিবাদৰ হংকাৰ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply