বৃহস্পতিবাৰে সৰুসজাই ষ্টেডিয়ামত বিহুৰ বিশ্ব ৰেকৰ্ড কৰাৰ পূৰ্বে অসমীয়া স্বাভিমান গামোচাই লাভ কৰিলে GI টেগ। কাৰ্যসূচী অনুষ্ঠিত হোৱা প্ৰাকক্ষণত প্ৰদান কৰা হয় এই প্ৰমাণ পত্ৰ । GI-REG পেটেণ্টৰ কন্ট্ৰোলাৰ জেনেৰেলে আজি আনুষ্ঠানিকভাৱে অসমৰ গামোছাক GI TAGৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। সৰুসঁজাইৰ সহস্ৰাধিক ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰে এই প্ৰমাণ পত্ৰ।

জি আই পঞ্জীয়ন হৈছে এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চল বা ভূখণ্ডৰ বাবে সামগ্ৰীৰ আইনী স্বীকৃতি যত আন কোনোৱেই সামগ্ৰীটো উৎপাদন আৰু বিক্ৰী কৰিব নোৱাৰে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ মহানিয়ন্ত্ৰক তথা জি আই পঞ্জীয়নৰ পঞ্জীয়ক ড০ উন্নত পি পণ্ডিতৰ পৰা অসমীয়া গামোছাৰ ভৌগোলিক সূচক পঞ্জীয়নৰ প্ৰমাণ পত্ৰ লাভ কৰে।

মনকৰিবলগীয়া যে জি আই পঞ্জীয়নত আঠ খনকৈ গামোছা অন্তৰ্ভুক্ত কৰা হৈছে সেইয়া ক্ৰমে উকা বা সাধাৰণ গামোছা, ফুলাম গামোছা, বিহুৱান, তিয়নী বা পানী গামোছা, অনাকাটা গামোছা, টেলছ গামোছা, জোৰ গামোছা আৰু গোসাই গামোছাক অন্তৰ্ভুক্ত কৰা হৈছে।

এই উপলক্ষে মুখ্যমন্ত্রীগৰাকীয়ে ভাষণ দি কয় যে, ৰঙালী বিহু উদযাপনৰ ঠিক পূর্বে অসমবাসীৰ বাবে এইয়া এক সন্মান আৰু গৌৰৱৰ মুহূৰ্ত, কিয়নো আমাৰ গৌৰৱৰ বাবে জি আই টেগ অসমীয়া গামোছাত লাভ কৰিলোঁ৷ এই সন্মানৰ ফলস্বৰূপে আমাৰ গৌৰৱ অসমীয়া গামোছাই অসমৰ বাবে আইনী স্বীকৃতি লাভ কৰিব যিয়ে অসমৰ গুণগত মান আৰু স্বকীয়তা ৰক্ষা কৰিব। ই আমাৰ শিপিনীসকলৰ স্বাৰ্থৰ সুৰক্ষা নিশ্চিত কৰিব”।

লগতে এই সন্মান অৰ্জন কৰাৰ বাবে অসমবাসীক অভিনন্দন জ্ঞাপন কৰে। আৰু তেওঁ লগতে কয় যে এই জি আই টেগে অসমক বিশ্বৰ মঞ্চত স্থান দিয়াৰ বাবে আন এক পদক্ষেপ হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply