বৰ্তমান সময়ত ফাৰ্মাচীলৈ নোযোৱাকৈও ঘৰত বহিয়েই জৰুৰীকালীন অৱস্থাত প্ৰয়োজনীয় ঔষধ উপলব্ধ হয়। অনলাইন শ্বপিংৰ সুবাদত ই-ফাৰ্মাচী ছাইটবোৰে ঔষধৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সেৱাও প্ৰদান কৰা দেখা যায়।

কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে শেহতীয়াকৈ অনলাইনত ঔষধ বিক্ৰী কৰাত আপত্তি জনাইছিল। ভাৰতীয় ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেলে (ডিচিজিআই) ইতিমধ্যে টাটা ১এমজি, আমাজন, ফ্লিপকাৰ্ট, নেটমেডছ, মেডি বাডি, ফ্ৰাঙ্কোইচ, এপেলোকে ধৰি ২০ টা ই-কমাৰ্চ ছাইটক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

জানিব পৰা মতে, অনলাইন ঔষধ বিক্ৰী কৰাৰ বাবে কোনো পৃথক অনুজ্ঞাপত্ৰ নাই। ফলস্বৰূপে, ঔষধৰ মানদণ্ডৰ বিষয়ে এক প্ৰশ্নবোধক চিহ্ন আছে। যিটো গ্ৰাহকৰ বাবে বহুত বিপদজনক হ’ব পাৰে। কেনেদৰে এনে বিপদাশংকা লোৱা হৈছে, কাৰণ দৰ্শোৱাৰ জাননীখনে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছে।

লগতে স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, চিকিৎসকৰ সঠিক প্ৰেছক্ৰিপচন অবিহনে অনলাইনত বিক্ৰী হোৱা ঔষধ মুকলি বজাৰত উপলব্ধ নহয়। অৰ্থাৎ, এই ই-কমাৰ্চ ছাইটবোৰে নিয়মবোৰৰ প্ৰতি মনোযোগ নিদিয়াকৈ এক অসংগঠিত উপায়েৰে ব্যৱসায় কাৰ্য্য চলাই আছে।

কেৱল সেয়াই নহয়, অনুজ্ঞাপত্ৰ অবিহনে চিকিৎসা সঁজুলিও বিক্ৰী কৰা দেখা যায়। সেয়েহে, ঔষধৰ ব্যৱসায় অনলাইনত কৰিবলৈ, সঠিক প্ৰক্ৰিয়াৰ মাজেৰে যোৱাটো বহু প্ৰয়োজনীয়।

এক বিশেষজ্ঞৰ মতে, সেই ক্ষেত্ৰত বৰ্তমানৰ বাবে ই-ফাৰ্মাচীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত সঠিক হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply