অসমত বিধানসভা আৰু লোকসভা সমষ্টি বৃদ্ধিৰ কোনো সম্ভাৱনা নথকাৰ কথা অস্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

সমষ্টি পুনৰ গঠন তথা নতুন সমষ্টি সৃষ্টি আদি প্ৰসংগ ৰাজ্যখনত সময়ে সময়ে উত্থাপন হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আজি এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে অসমৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এক লিখিত প্রশ্নৰ উত্তৰত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে চৰকাৰৰ স্থিতিৰ বিষয়ে সংসদক অৱগত কৰে।

কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে অসমৰ চাৰিখন নতুনকৈ সৃষ্টি কৰা জিলা মূল জিলাৰ সৈতে পুনৰ চামিলকৰণৰ প্ৰসংগত লগতে উত্থাপন কৰে। অসম চৰকাৰৰে এই সন্দৰ্ভত নিজৰ স্থিতি কেন্দ্ৰক অৱগত কৰে।

ৰাজ্য চৰকাৰৰ বক্তব্যৰ উদ্ধৃতি দি কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি চৰকাৰী ব্যৱস্থাপনাৰ অভাৱ, আঁচনি ৰূপায়ণত জটিলতা, সীমা নির্ধাৰণত উদ্ভৱ হোৱা সমস্যা আৰু চৰকাৰী নথি-পত্ৰ হস্তান্তৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত চাৰি নতুন জিলাৰ বিলোপ সাধন ঘটোৱা হয় আৰু পূৰ্বৰ জিলাৰে চামিল কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply