ৰাজ্যৰ ৩৩৭ খন প্ৰাদেশীকৃত মহাবিদ্যালয় চৰম আৰ্থিক সংকটৰ দিশে আগুৱাই গৈছে।
বৰ্তমান পৰিস্থিতি এনে পৰ্যায়ত যে দৈনন্দিন কাৰ্যক্ৰমণিকা পৰিচালনাৰ বাবে ঠিকাভিত্তিক শিক্ষকক দৰমহা দিয়াৰ বাবেও বহু মহাবিদ্যালয়ৰ কৰ্তিপক্ষ হাতত ধন নাই।
আনহাতে, বিনামূলীয়া নামভৰ্তিৰ মাচুল চৰকাৰে ঘূৰাই নিদিয়াৰ পৰিণতিতে মহাবিদ্যালয়সমূহত ভয়ংকৰ আৰ্থিক সংকটে দেখা দিছে। চৰকাৰে ৯ মাহে প্ৰাপ্য ধন আদায় নকৰাৰ বাবে এতিয়া মহাবিদ্যালয়সমূহত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।
উল্লেখ্য যে, ২০২১-২২ বৰ্ষৰে বিনামূলীয়া নামভৰ্তিৰ মাচুল সম্পূৰ্ণৰূপে মহাবিদ্যালয়সমূহক ওভতাই দিয়া নাই চৰকাৰে। বিগত বৰ্ষৰ বিনামূলীয়া মাচুলৰ ৪০ শতাংশ ধন মহাবিদ্যালয়সমূহে পাবলৈ আছে।
তথ্য অনুসৰি, এনে সময়ত চলিত বৰ্ষৰো বিনামূলীয়া নামভৰ্তিৰ সমুদায় মাচুল চৰকাৰে প্ৰদান নকৰাত মহাবিদ্যালয়সমূহত ব্যাপক অচলাৱস্থাৰ সৃষ্টি হৈছে।
আনহাতে, ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থী সকলৰ বাবে চৰকাৰে বিনামূলীয়া নামভৰ্তিৰ বাবে কৰা ব্যৱস্থা প্ৰশংসনীয় আছিল। যাৰ ফলত শিক্ষাৰ্থীসকলৰ আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰয়োজনীয় ধনৰ এক অংশ ৰাহি হৈছিল।
জানিব পৰা মতে, মহাবিদ্যালয়সমূহক সেই নামভৰ্তিৰ ধন চৰকাৰে যোগান ধৰাৰ কথা আছিল যদিও চৰকাৰে বিগত বৰ্ষৰ ৪০ শতাংশ ধন আৰু চলিত বৰ্ষৰ সমূদায় ধন ৯ মাহে ওভতাই দিয়া নাই।
উল্লেখ্যযোগ্য যে, প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহ একমাত্ৰ ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ দ্বাৰাই পৰিচালিত হয়। তেনেস্থলত এতিয়া মহাবিদ্যালয়সমূহ বহু অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে।