নিউজ ডেস্ক: শিৱসাগৰ জিলা ভ্ৰমণৰ সময়ত ৰাজ্যপালগৰাকীয়ে অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি ইয়াৰ উপাচাৰ্য, প্ৰশাসনিক বিষয়া, আৰু অধ্যাপকসকলৰ সৈতে এক বৈঠকত মিলিত হয়। অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই সমবায় ব্যৱস্থাপনা দক্ষতাৰ গুৰুত্বৰ ওপৰত আৰোপ কৰে। লগতে কাটাৰিয়াই বিশ্ববিদ্যালয়খনৰ সৈতে কাম কৰি সমবায় শিক্ষাৰ প্ৰসাৰৰ বাবে তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে।
তেওঁ উপাচাৰ্যক ভৱিষ্যতৰ বাবে ভাৰ্চিটিৰ ৰোডমেপৰ বিষয়ে এক প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ কয়। কাটাৰিয়াই সভাত উপস্থিত থকা সকলোকে ভাৰ্চিটিক অধ্যৱসায়ীভাৱে সেৱা আগবঢ়াবলৈ আৰু কঠিন সময়তো অনুপ্ৰাণিত হৈ থাকিবলৈ আহ্বান জনায়।
অসমৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সকলো ভিচিৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ সকলো অভাৱ দূৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি ৰাজ্যপালগৰাকীয়ে কয়।
তেওঁ বিশ্ববিদ্যালয়সমূহৰ কৰ্তৃপক্ষক ৰাজ্যখনৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ দৃষ্টিভংগীক আগুৱাই নিয়াত সহায় কৰিবলৈ তেওঁৰ সমৰ্থনৰ আশ্বাস দিয়ে।
বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত শিৱসাগৰ জিলাৰ দৃষ্টান্তমূলক স্থিতিও ৰাজ্যপালগৰাকীয়ে প্ৰশংসা কৰি বিশ্ববিদ্যালয়খনে পাঠ্যক্ৰম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি অপৰিসীম সম্ভাৱনা ৰাখিছে তাৰ ওপৰত আলোকপাত কৰে।