গুৱাহাটীঃ শুকুৰবাৰে প্ৰকাশ পালে ১৫জনীয়া অভিভাৱক মন্ত্ৰীৰ এখন তালিকা। তালিকাত প্ৰকাশ পোৱা অনুসৰি মন্ত্ৰী অতুল বৰাক কামৰূপ মহানগৰ আৰু উত্তৰ লখিমপুৰৰ দায়িত্ব দিয়া হয়। মন্ত্ৰী ৰণজিত কুমাৰ দাসক বঙাইগাঁও, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব দিয়া হয়। মন্ত্ৰী পীয়ুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু কৰিমগঞ্জ জিলাৰ দায়িত্ব দিয়া হয়। মন্ত্রী কেশৱ মহন্তক মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ দায়িত্ব দিয়া হয়। মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নগাঁও আৰু হোজাই জিলাৰ দায়িত্ব দিয়া হয়।

মন্ত্ৰী অজন্তা নেওগক যোৰহাট আৰু নলবাৰীৰ দায়িত্বত, মন্ত্ৰী ডাঃ ৰণোজ পেগুক শিৱসাগৰ, মাজুলী আৰু বৰপেটাৰ দায়িত্বত, মন্ত্ৰী অশোক সিংঘালক কোকৰাঝাৰ আৰু গোৱালপাৰাৰ দায়িত্বত,মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ আৰু দৰং জিলাৰ দায়িত্ব দিয়া হয়। আনহাতে মন্ত্ৰী যোগেন মহনক কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্ব দিয়া হয়।

মন্ত্ৰী বিমল বড়াক চৰাইদেউ আৰু ওদালগুৰি জিলাৰ দায়িত্ব দিয়া হয়। মন্ত্ৰী ইউ জি ব্ৰক্ষ্মক চিৰাং আৰু তামুলপুৰ জিলাৰ দায়িত্ব দিয়া হয়। মন্ত্ৰী সঞ্জয় কিষানক ধেমাজি জিলাৰ দায়িত্ব দিয়া হয়।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কাছাৰ, ধুবুৰী আৰু হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে আৰু মন্ত্ৰী নন্দিতা গাৰ্লোচাক বাক্সা আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছে।

উল্লেখ্য যে, একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত অসন্তুষ্ট আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শেহতীয়া কেবিনেট বৈঠকত অভিভাৱক মন্ত্ৰীসকলৰ কাম-কাজ সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছিল। বিশেষকৈ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ সময়ত একাংশ অভিভাৱক মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে বিচৰা ধৰণে নিজৰ দায়িত্ব পালন কৰিব পৰা নাছিল। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে দায়িত্ব সলনি কৰাৰ ব্যৱস্থ‍া গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply