সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বন বিভাগক আঠ সপ্তাহৰ ভিতৰত গুৱাহাটীৰ আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমা নিৰ্ধাৰণৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে বন বিভাগে এই প্ৰতিবেদনত স্পষ্টভাৱে সীমানিৰ্ধাৰণ কথা উল্লেখ কৰিব লাগিব, লগতে আঠ সপ্তাহৰ ভিতৰত দাখিল কৰিব লাগিব প্রতিবেদন ।
মন কৰিবলগীয়া যে উচ্চ ন্যায়ালয়ে ২০১৩ চনতে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল আৰু বন বিভাগক আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমা দেখুওৱা এখন মানচিত্ৰ উপস্থাপন কৰিবলৈ অনুৰোধ জনাইছিল।
চৰকাৰী তথ্য মতে চাৰ্ভে অৱ ইণ্ডিয়াই চাৰিসীমা নিৰ্ধাৰণৰ কাম কৰি আছে।