মাৰ্ঘেৰিটা : সহায় দা হেল্পিং হেণ্ড নামৰ বেচৰকাৰী সংগঠনটোৰ আজি প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি মাৰ্ঘেৰিটা চেগুনবাৰী চাহ ফেক্টৰি কাষতে থকা সভাকক্ষত আৰম্বপূৰ্ণ ভাৱে অনুষ্ঠিত হয়।

পুৱা এন জি অ’টোৰ সদস্য সকলে লিডুস্থিত কেন্দ্ৰীয় নামঘৰত এগছি বন্তি আৰু শৰাই আগবঢ়াই। ইয়াৰ পাছতেই দুপৰীয়াৰ মাৰ্ঘেৰিটা চেগুনবাৰী চাহ ফেক্টৰি কাষত থকা সভাকক্ষত অনুষ্ঠিত মুকলি সভাত পৌৰোহিত্য কৰে এন জি অ’টোৰ সভানেত্ৰী পায়েল দে।

অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সভাপতি দেৱজিৎ বৰুৱা, জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ মুখপাত্ৰ সাংবাদিক মানস প্ৰতিম গগৈ। সহায়ৰ সদস্যা জাগৃতি শৰ্মাই আঁ‌ত ধৰা অনুষ্ঠানত সভাৰ উদেশ্য বাখ্যা কৰে সম্পাদক কৌস্তুভ সিং।

সভাত সহায়ৰ সদস্য প্ৰিন্ঞু চেতিয়া, প্ৰকাশ শৰ্মাও ভাষন প্ৰদান কৰে। উল্লেখ যে মাৰ্ঘেৰিটা, লিডু আদি অঞ্চলৰ মহাবিদ্যালয় আৰু বিদ্যালয়ৰ একাংশ সমাজৰ প্ৰতি সুস্থচিন্তা কৰা মনৰ ছাত্ৰ-ছাত্ৰী একগোঠ হৈ অঞ্চলটোত এই বেচৰকাৰী সংগঠনটোৰ উদ্যোগত বহুকেইটা ভাল সামাজিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

লগতে পঢ়ক-টীয়কৰ আউনীআটী সত্ৰ আৰু ঐতিহাসিক লাচিত মৈডামত মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply