নিউজ ডেস্ক: বিভিন্ন পৰিক্ৰমা মাজেৰে পাৰ হোৱা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে অহা ১০ মে’ত দুবছৰ সম্পূৰ্ণ কৰিব। ২০২১ চনৰ ১০ মে’ত ৰাজ্যত বিজেপিৰ দ্বিতীয়জন মুখ্যমন্ত্ৰীৰূপে শাসনৰ বাঘজৰী হাতত লৈছিল ড০ হিমন্ত বিশ্ব শৰ্মাই ।
তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপুৰ্তি। অহা ৯ মে’ৰ পৰা ১১ মে’লৈ আয়োজন কৰা হ’ব এই কাৰ্যসূচী। এই তিনিটা দিনৰ প্ৰতিটো দিনতে মুখ্যমন্ত্ৰীৰ ইচ্ছানুযায়ী বিশেষ একোটা কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে।
সেই অনুসৰি ৯ মে’ৰ দিনা ১০০০ কোটি টকাৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰে। ১০ মে’ৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হি বিহপুৰীয়া সমষ্টিত মুকলি হ’ব। লগতে সেই দিনটোতে মুখ্যমন্ত্ৰীৰ আয়ুস্মান অসম বিমা আঁচনি আৰম্ভ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী ব্যক্তিয়ে ৫ লাখ টকাৰ চিকিৎসা বীমা সুবিধা লাভ কৰিব।
আনহাতে ১১ মে’ত অনুস্থিত হ’ব দ্বিতীয় বৰ্ষপুৰ্তিৰ মূল অনুষ্ঠান। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই বিশাল কাৰ্যসূচী। বিশেষ কাৰ্যসূচী মাজেৰে সেই দিনটোতে অনুষ্ঠান আয়োজন কৰিছে ৰাজ্য চৰকাৰে। এই কাৰ্যসূচীত ভাগ লব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহে।
গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত সেই দিনটোতে ৫০,০০০ হাজাৰ যুৱক-যুৱতীক প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ। অনুষ্ঠানৰ বাবে খানাপাৰাত প্ৰায় আঢ়ৈ কোটি টকা খৰছেৰে মঞ্চ সাজ-সজ্জা আৰু পেণ্ডেলৰ নিৰ্মাণ কৰা হৈছে।
বৰ্তমান অনুষ্ঠানটেৰ বাবে ৰাজ্য চৰকাৰে দ্ৰুত গতিত প্ৰস্তুতি আৰম্ভ কৰিছে।