নিউজ ডেস্কঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীত তিনিদিনীয়াকৈ দেশী-বিদেশীৰ যুৱক-যুৱতীৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৱাই-২০ ৰ সন্মিলন বুধবাৰে সফল সামৰণি পৰে। অন্তিম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত থাকে। লগতে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও অনুষ্ঠানটো অংশগ্ৰহণ কৰে।
অন্তিম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীজনে ৱাই-২০ ৰ মূল বিষয়বস্তুৰ ওপৰত এখন শ্বেতপত্ৰ মুকলি কৰা লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে। তেওঁ কৰ্মৰ ভৱিষ্যৎ, উদ্যোগ ৪.০, উদ্ভাৱন আৰু একবিংশ শতিকাত দক্ষতা, জলবায়ু পৰিৱৰ্তন, যুদ্ধ বিহীন পৰিৱেশ সৃষ্টি কৰা আদি বিভিন্ন বিষয় ওপৰত অনুষ্ঠানটোত উপস্থাপন কৰে। লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত যুৱপ্ৰজন্মক জড়িত হ’বলৈ আহ্বান জনাই।
ইফালে অনুষ্ঠানটো উপস্থিত থকা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয় যে, এখন উন্নত দেশ নিৰ্মাণ কৰিবৰ বাবে এই বৈঠকে যুৱক-যুৱতী সকলক অনুপ্ৰেৰণা যোগোৱাত সহায় কৰিব। অসমৰ দৰে এখন ৰাজ্যই জি – ২০ আৰু বাই- ২০ ৰ বৈঠক অনুষ্ঠিত কৰিবলৈ পোৱাটো এক গৌৰৱৰ বিষয় বুলি মন্ত্ৰী পেগুৱে কয়। লগতে, নতুন প্রজন্মই হৈছে আমাৰ দেশৰ ভৱিষ্যৎ বুলিও নিজা মত প্ৰকাশ কৰে।
উল্লেখ্যযোগ্য যে, ৱাই-২০ এই তিনিদিনীয়া কাৰ্যসূচীত ভাৰতীয় প্ৰতিনিধিৰ উপৰিও ২১ খন বিদেশী ৰাষ্ট্ৰৰ ২০০ গৰাকী যুৱক – যুৱতীয়ে অংশগ্ৰহণ কৰে। লগতে ৰাজ্যৰ প্ৰায় ৩৬খন মহাবিদ্যালয়ৰ প্ৰায় ১০,০০০ শিক্ষার্থীয়ে ৱাই ২০ সন্মিলনৰ লগত সংগতি ৰাখি বিভিন্ন বিষয়ত ছেমিনাৰ, তৰ্ক অনুষ্ঠান, কৰ্মশালা লগতে কুইজ প্রতিযোগিতাতো অংশগ্ৰহণ কৰে ।