কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত চুক্তি সম্পন্ন হয় অসম মেঘালয়ৰ সীমা সমস্যাক লৈ। আজি নতুন দিল্লী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত এই চুক্তি সম্পন্ন হয়।
যোৱা সময়চোৱাত দুয়োখন ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ নেতৃত্বত গঠিত শীৰ্ষ পৰ্যায়ৰ দলে যুটীয়া ভাবে বিবদমান এলেকা বুলি চিহ্নিত ১২ টা মান স্থান পৰিদৰ্শন কৰিছে। ইয়াৰে ৬টা স্থানৰ বাবে দুয়ো ৰাজ্য চৰকাৰে ঐক্যমতত উপনীত হয়। সেই ৬টা স্থানক লৈয়েই আজি দুয়ো ৰাজ্যই সীমা চুক্তি সম্পন্ন কৰে।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ লগতে এই ৰাজ্যসমূহৰ অন্যান্য বিষয়া আৰু গৃহ মন্ত্ৰণালয়ৰ বিষয়াসকলৰ উপস্থিতিত চুক্তিখনত স্বাক্ষৰ কৰা হয় ।

ইয়াৰ পূৰ্বে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হাতত মন্ত্ৰণালয়ৰ পৰীক্ষা আৰু বিবেচনাৰ বাবে এখন খচৰা প্ৰস্তাৱো দাখিল কৰিছিল ৷ অসম আৰু মেঘালয় চৰকাৰে ৮৮৪ কিলোমিটাৰ সীমাৰ ১২ টা ‘বিবদমান এলেকাৰ ভিতৰত ছটা এলেকাত দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদ সমাধানৰ বাবে এখন খচৰা প্ৰস্তাৱ আনিছিল । প্ৰথম পৰ্যায়ত ছয়টা স্থানত তাৰাবাৰী, গিজাং, হাকিম, বোকলাপাৰা, খানপাৰা-পিলাংকাটা আৰু ৰাটচেৰাত সীমা বিবাদ সমাধানৰ বাবে ২৯ জানুৱাৰীত গুৱাহাটীত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল। তাৰ পিছত ইয়াক গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল।

৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমিৰ বাবে প্ৰস্তাৱিত পৰামৰ্শ অনুসৰি, অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ৰাখিব আৰু বাকী ১৮.২৮ বৰ্গ কিলোমিটাৰ মেঘালয়ক এৰি দিব ৷ দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ ১৯৭২ চনত মেঘালয় অসমৰ পৰা পৃথক ৰাজ্য গঠন হোৱাৰে পৰা চলি আছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply