নিউজ ডেস্কঃ এখন ছবিয়ে শেহতীয়াকৈ মুক্তি লাভ কৰাৰ পৰাই যেন সকলোৰে মুখে মুখে তথা হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নাম হৈছে ‘দ্য কাশ্মীৰ ফাইলছ’। বলিউডৰ এই ছবিখনক লৈ ছচিয়েল মিডিয়াত চৰ্চা হৈ আছে। এই কথাৰে প্ৰায় সকলোৱে অৱগত। তাৰ মাজতে ২৪ মাৰ্চ, ২০২২ অৰ্থাৎ বৃহস্পতিবাৰে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন)নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে নিজৰ ফেচবুক পেজত এক বিশেষ ঘোষণা কৰিছে।
তেওঁ ফেচবুকত শ্বেয়াৰ কৰিছে এখন ফটো। ফটোখনত লিখা আছে- ‘অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ দ্বাৰা দ্য কাশ্মীৰ ফাইলছৰ বিশেষ প্ৰদৰ্শনী। নলবাৰী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱৰ উদ্যোগত, নলবাৰী জিলা প্ৰশাসন আৰু বিশ্ব হিন্দু পৰিষদৰ সহযোগত।’
এই পোষ্টটোত উল্লেখ কৰা অনুসৰি, বলিউডৰ এই ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ স্থান নিৰ্ধাৰণ কৰা হৈছে নাট্য মন্দিৰ, নলবাৰীত। আৰু প্ৰদৰ্শনীৰ কৰা হ’ব ক্ৰমে- ২৪, ২৫, ২৬, ২৮, ২৯, ৩০, ৩১ মাৰ্চ, ২০২২ৰ পুৱা ১০ বজাত, দুপৰীয়া ২ বজাত আৰু সন্ধিয়া ৬ বজাত।

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন)নিগমৰ অধ্যক্ষ গৰাকীয়ে এই পোষ্ট দিয়াৰ পাছতে মিশ্ৰিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে কমেন্ট ছেকশ্যনত। আৰু ইয়াৰে অধিকাংশই প্ৰশ্ন কৰিছে যে- ‘আজি অত দিনে অসমীয়া চিনেমাক এনেকৈ গুৰুত্ব দিয়া হলে আজি আমাৰ অসমৰ অসমীয়াই ও kashmir files বনাব পাৰিলে হেঁতেন।’, ‘কেতিয়াবা অসমীয়া চলচ্চিত্ৰৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্হা চৰকাৰে কৰি পাইছেনে?’, ‘Do screening of award winning Assamese movies as wel’, ‘অসমীয়া চলচ্চিত্ৰৰ এনেকুৱা বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিব পাৰিবনে আগন্তুক দিনত’।
ইষ্টম’জ’ অসমৰ তৰফৰ পৰা এই পদক্ষেপক ভাল নে বেয়া সেয়া কোৱা হোৱা নাই। কিন্তু এইটোহে দেখুৱাবলৈ চেষ্টা কৰা হৈছে যে, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে দিয়া পোষ্টটোত অধিকাংশ লোকে কৰা প্ৰশ্নবোৰ। এখন বলিউডৰ ছবি য’ত কাশ্মীৰি পণ্ডিত সকলক নিজৰে ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল, তেওঁলোকৰ দুখ-দুৰ্দৰ্শাক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন দেশৰ আন প্ৰান্তৰ লোকৰ দৰে যাতে অসমৰো ৰাইজে অৱগত হ’ব পাৰে তাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ প্ৰশংসনীয়।
কিন্তু প্ৰশ্ন হয় যে- আগন্তুক সময়ত অসমীয়া চলচ্চিত্ৰৰ বাবেও এনে পদক্ষেপ হাতত ল’বনে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে? বহু বছৰৰ অসমীয়া চলচ্চিত্ৰ জগতত ৰূপালী পৰ্দাত দ্য কাশ্মীৰ ফাইলছৰ দৰে ছবি চাবলৈ প্ৰতিগৰাকী অসমীয়াই অপেক্ষা কৰি আছে। মাজতে অসমীয়া চলচ্চিত্ৰ জগতখন কিছু আগবাঢ়িছিল যদিও কোৰোনা সৃষ্ট পৰিৱেশৰ বাবে পুনৰ ছবিগৃহসমূহ বন্ধ কৰিবলগীয়াত হোৱাত আকৌ পূৰ্বৰ দৰে পৰিস্থিতি সৃষ্টি হৈছে। কিন্তু তাৰ পাছতো লাহে লাহে এতিয়া কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাছত দ্য কাশ্মীৰ ফাইলছৰ বাবে লোৱা ব্যৱস্থাৰ দৰে অসমীয়া চলচ্চিত্ৰৰ বাবেও এনে বিশেষ প্ৰদৰ্শনী বা আন বিশেষ ব্যৱস্থা গ্ৰহণ কৰাতো বিচাৰে প্ৰতিগৰাকী অসমীয়াই।