নগাঁওঃ পুনৰ মধ্য অসমৰ বান পৰিস্থিতি ভয়াৱহ হোৱাৰ দিশে। পশ্চিম কাৰ্বি-আংলঙৰ খানদং জলবিদ্যুৎ প্ৰকল্পই খুলি দিলে বান্ধ। বুধবাৰে দিনৰ ১২বজাত বান্ধটোৱে এৰি দিছে ১৯৩৫ কিউবিক পানী। ফলত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কপিলী নৈৰ জলপৃষ্ঠ।

লগতে পঢ়কঃঅতি প্ৰয়োজন নহ’লে ঘৰৰ পৰা ওলাই নাহিবলৈ পুনৰ প্ৰশাসনৰ আহ্বান

কামপুৰত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। ৰাইজক সাৱধান হ’বলৈ মাইকযোগে প্ৰশাসনে আহ্বান জনাইছে। জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াৰ ফলত বৃদ্ধি পাইছে কলং নৈৰো জলপৃষ্ঠ। পুনৰ মধ্য অসমত ভয়াৱহ বানৰ আশংকা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply