শিলচৰঃ অপৰিৱৰ্তিত শিলচৰৰ বান পৰিস্থিতি৷ বানতে প্লাৱিত কৰিলে চহৰখনৰ ন ন ঠাই৷ নিশাৰ পৰা চহৰখনৰ বিবেকানন্দৰোড, তাৰাপুৰ, ৰামনগৰ অঞ্চল পানীত ডুব গৈছে ৷ চহৰৰ পাবলিক স্কুল ৰোড, সোনাই ৰোড, ৰাধামাধব ৰোড,পদ্ম নগৰ, ৰাঙ্গিৰখাড়িৰ অৱস্থা এতিয়াও ভয়াবহ৷ ঘৰৰ প্ৰথম মহলা লৈকে পানী৷ অট্টালিকা সমূহত এতিয়াও বন্দী হৈ আছে হাজাৰ হাজাৰ লোক৷
এনডিআৰএফ, এছডিআৰএফ, চিআৰপিএফ, বিএছএফ সহ ভাৰতীয় সেনাৰ জোৱান সকলে উদ্ধাৰ অভিযান চলাই আছে৷ মঙলবাৰৰ নিশালৈকে অভিযান চলাই বহু লোকক উদ্ধাৰ কৰা হৈছে৷ আজি পুনৰ উদ্ধাৰ অভিযান চলাই আছে অভিযানকাৰী দলে৷
ইতিমধ্যে ভূবনেশ্বৰৰ পৰা অহা এনডিআৰএফৰ বিশেষ দলে চহৰত উদ্ধাৰ অভিযানত নামিছে৷ ইপিনে খোৱাপানী সহ খাদ্যসামগ্ৰী বিচাৰি হাহাকাৰ লাগিছে বানত আৱদ্ধসকলৰ মাজত৷ অনাহাৰে দুদিন ধৰি চহৰত বন্দী হৈ আছে হাজাৰ হাজাৰ লোক৷