অসম বিধানসভাৰ নবনিৰ্মাণৰত ভৱন

অসম বিধান সভাৰ নব নিৰ্মিত ভৱনটো ব্যবহাৰ কৰাৰ আগতেই নক্সাৰ বেমেজালীৰ বাবেই এতিয়া বুলডজাৰ মাৰিছে । বৰ্তমানৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ ভাষ্য হ’ল অসম বিধানসভাৰ নতুন ভৱনৰ আন্তঃগাঁঠনিত বেমেজালি। পুনৰ নতুন ৰূপ দিয়া হ’ব অসম বিধানসভাৰ নতুন ভৱনক। যাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশত ভাঙি পেলোৱা হৈছে নতুন ভৱনটো।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ১৩ ফেব্ৰুৱাৰীত এদিনৰ বাবে নতুন ভৱনত হৈছিল সদনৰ কাম-কাজ। বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ফিটা কাটি উদ্ধোধন কৰিছিল ভৱনটো ।

অহা ডিচেম্বৰৰ পৰা বিধানসভাৰ নতুন ভৱনত সদন পৰিচালিত হোৱাৰ আশা কৰা হৈছিল। কিন্তু এতিয়া নতুন ভৱনটোৰ নক্সাত খেলিমেলি যাৰবাবে ভাঙি পেলোৱা হৈছে নিৰ্মাণ প্ৰায় শেষ কৰা ভৱনটো ।

২৩৫ কোটি টকা ব্যয় সাপেক্ষে কলিকতাৰ চিমপ্লেক্স নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছিল বিধানসভাৰ নতুন ভৱনটো। আসন সমূহ সঠিকভাৱে নোহোৱাত তথা সুবিধাজনকভাৱে নিৰ্মাণ নকৰাৰ বাবে ভাঙিবলগীয়া হৈছে নতুন ভৱনটো।

২৫২ জনৰ বহাৰ সুবিধা আছে দুমহলীয়া বিধানসভা ভৱনটোত । ১০ একৰ ভূমিত ৩৬,৬১,০০০ বৰ্গফুটত নিৰ্মাণ কৰা ভৱনটোৰ সৈতে সংলগ্ন হৈ আছে এটা পোন্ধৰ মহলীয়া বিল্ডিং আৰু এটা তিনিমহলীয়া বিল্ডিং । নতুন বিধানসভা ভৱনটোত ১৭২ জন সদস্য বহাৰ বাবে আসনৰ ব্যবস্থা কৰাৰ লগতে ৪৪ জন বিধান পৰিষদৰ সদস্যৰ বাবেও আসনৰ ব্যবস্থা কৰিছিল ।

৭৮ মিটাৰ উচ্চ উত্তৰ পূবৰ ভিতৰতে সৰ্বোচ্চ উচ্চতাৰ বিল্ডিং নিৰ্মান কৰি প্ৰায় সম্পূৰ্ণ কৰিছিল । সম্পুৰ্ণ বিল্ডিংটো অগ্নিনিৰ্বাপনৰ সম্পূৰ্ণ আধুনিক ব্যবস্থা কৰিছিল । এনে এটা বিল্ডিং কি কাৰনত নক্সাৰ খেলিমেলিৰ বাবে কিয় ভাঙিব লগা হ’ল সেই সম্পৰ্কে এতিয়ালৈকে কোনো ধৰনৰ স্পষ্ট উত্তৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হোৱা নাই ।

মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতেই ২৩ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন বিধানসভা ভৱনটো পুনৰ নতুন ৰূপ দিবৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপাধ্যক্ষ নোমল মমিনৰ সৈতে আলোচনা কৰি লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত ৰাজ চক্ৰবত্তীক নিৰ্দেশ দিছিল ডিচেম্বৰৰ ভিতৰত শেষ কৰিবলৈ ।

২০০৯ চনতে কাম আৰম্ভ কৰা ভৱনটোৰ বাবে এতিয়া পুনৰ হ’ব নিবিদা প্ৰক্ৰিয়া, ২০৩ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা হ’ব ভৱনটো। দেশৰ বিভিন্ন প্ৰান্তৰ কোম্পানীয়ে অংশ ল’ব পাৰিব নিবিদা প্ৰক্ৰিয়াত।

লগতে পঢ়ক অৱনী লেখাৰা জৰিয়তে ভাৰতৰ প্ৰথমটো স্বৰ্ণ টকিঅ’ পেৰালিম্পিকত

তৰুণ গগৈৰ চৰকাৰৰ দিনত নতুন ভৱনটোৰ কাম আৰম্ভ কৰাৰ সময়ত কোনে এই ভৱনটো নিৰ্মাণৰ অনুমোদন জনাইছিল । ঠিকাদাৰী সংস্থাটোৱে কাম আৰম্ভ কৰাৰ সময়ত এই নক্সা কেনেদৰে বৈধ হোৱাৰ পিছত ভৱনটোৰ কাম শেষ নৌহওতেই ইয়াৰ নক্সাক লৈ বেমেজালী কেনেকৈ ওলাল । ৰাজকোষৰ ধন এনেদৰে নষ্ট কৰাৰ আঁৰত থকা সকলৰ ওপৰত ব্যবস্থা হ’বনে নে এনেদৰেই ৰাজকোষৰ তলি উদং কৰাত লাগি থাকিব সেইটোহে বিচাৰ্যৰ বিষয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply