গুৱাহাটী: ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়াকৈ ৰাজ্যত বৰষুণৰ মাত্ৰা কিছু হ্ৰাস পাইছে যদিও ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত ২৮ খন জিলাৰ ২৫ লাখতকৈ অধিত লোক এতিয়াও বানৰ কবলত আছে।
এনে পৰিস্থিতিত বান প্ৰভাৱিত অঞ্চলসমূহত খাদ্য সামগ্ৰী তথা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়াৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন। তলত এনে কেইটামান সংগঠনৰ বিষয়ে উল্লেখ কৰা হৈছে –
১. Robin Hood Army – বিভিন্ন দেশৰ আৰ্ত লোকসকলক সহায় আগবঢ়াই অহা ৰবিন হুড আৰ্মী নামৰ নন-প্ৰফিট সংস্থাটোৰ গুৱাহাটী শাখাই বিগত বছৰসমূহৰ দৰে এইবাৰো অসমত বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ বাবে বান সাহায্য অভিযানৰ আয়োজন কৰিছে।
স্বেচ্ছাসেৱী সংস্থাটোৱে প্ৰথম পৰ্যায়ত অসমৰ ৫০০ ক্ষতিগ্ৰস্ত পৰিয়ালক ১০ দিনৰ বাবে জোৰাকৈ বিভিন্ন খাদ্য তথা ৰেচন সামগ্ৰী যোগান ধৰাৰ পৰিকল্পনা কৰিছে। তেওঁলোকে যোগান ধৰা সামগ্ৰী সমূহ হৈছে – ৫ কেজি চাউল, ১ কেজি দাইল, ১/২ কেজি নিমখ, ২০০ এম এল মিঠাতেল, ছ’য়াবিন, চাবোন, ২০০ এম এল গাখীৰ, শিশু খাদ্য, বিস্কুট, বটল, চেনিটেৰি নেপকিন, মুড়ি, মমবাতি, মছকুইটো ষ্টিক, জুইশলা বাহ, চিৰা।
যদি কোনো লোকে সংস্থাটোক সহযোগ কৰিব বিচাৰে তেন্তে ROBIN ARCHITA (+91 70028 13063) ROBIN JAYA (98645 95659) আৰু ROBIN SUBHAM (9365050426)-ক যোগাযোগ কৰিব পাৰে। সংস্থা জনোৱা মতে ৩০ জুন হৈছে বৰঙণি সংগ্ৰহৰ অন্তিম দিন। অৱশ্যে সংস্থাটোৱে কোনোধৰণৰ আৰ্থিক বৰঙণি সংগ্ৰহ নকৰে।
২. UNITY we the blood donor – মঙলদৈস্থিত UNITY we the blood donor নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে শেহতীয়া বানপানীত মঙলদৈৰ প্ৰায় ৩০ খন বান প্ৰভাৱিত গাঁৱত এতিয়ালৈকে সাহায্য আগবঢ়াইছে। সংগঠনটোৰ সহকাৰী সম্পাদক ধিমান জ্যোতি কৌশিকে ইষ্টম’জ’ক জনোৱা মতে সংগঠনটোৱে মঙলদৈৰ বিভিন্ন অঞ্চলত মঠাউৰিত শিবিৰ পাতি থকা প্ৰায় ৫০,০০০ বান ক্ষতিগ্ৰস্ত লোকৰ মাজত খোৱাপানী, ৰেচন, কাপোৰ আদিৰ লগতে নিত্যব্যৱহাৰ্য্য সামগ্ৰী আৰু মহিলাসকলৰ মাজত চেনিটেৰী নেপকিন আদি বিতৰণ কৰিছে।
কোনো লোকে যদি স্বেচ্ছাসেৱী সংগঠনটোক সহায় আগবঢ়াব খোজে তেন্তে UNITY we the blood donor –ৰ সম্পাদক ৰুমু বড়ো (91016 62710)-ক যোগাযোগ কৰিব পাৰে।
৩. নৱাৰুণ…The Rising Ray – পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত স্বেচ্ছাসেৱী সংগঠন ‘নৱাৰুণ…The Rising Ray’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অসমৰ ভয়াৱহ বান পৰিস্থিতিত বিভিন্ন বান প্ৰভাৱিত অঞ্চলত সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে।
ইষ্টম’জ’ৰ আগত সংগঠনটোৰ সাধাৰণ সম্পাদক মনোৰঞ্জন বৰায়ে জনোৱা মতে অহা ২৯ জুনত তেওঁলোকে ৰঙিয়াৰ বিহাপাৰা অঞ্চলত প্ৰায় ১৫০ ঘৰ মানুহক সাহায্য সামগ্ৰী প্ৰদান কৰিব। সংগঠনটোৱে খোৱাপানী, খাদ্য সামগ্ৰী, চেনিটেৰী নেপকিন তথা বিভিন্ন নিত্যব্যৱহাৰ্য্য সামগ্ৰী আদি বিতৰণ কৰিব।
২০১৫ চনৰ পৰা মূলত পৰিৱেশ সুৰক্ষা আৰু প্লাষ্টিক তথা পলিথিনৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে সাধাৰণ লোকৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি অহা ‘নৱাৰুণ…The Rising Ray’ নামৰ সংগঠনটোৱে সমান্তৰালভাৱে বান ক্ষতিগ্ৰস্ত লোকক সহায় আগবঢ়াই আহিছে।
কোনো ব্যক্তি বা সংগঠনে যদি এইক্ষেত্ৰত বৰঙণি বা সহায় আগবঢ়াব খোজে তেন্তে সংগঠনটোৰ সাধাৰণ সম্পাদক মনোৰঞ্জন বৰা (9101029209)-ক যোগাযোগ কৰিব পাৰে।
উক্ত সংগঠনসমূহৰ উপৰি বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বগামাটিৰ Green Trek & Adventure, গোৰেশ্বৰৰ Shikhar Adventure Club নামৰ অনুষ্ঠান কেইটাই বান পীড়িত এলেকাত উদ্ধাৰ অভিযানকে ধৰি বান ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদান কৰি আহিছে। এইক্ষেত্ৰত জুলীমা ডেকা (9957819726)-ক যোগাযোগ কৰিব পাৰে।
লগতে পঢ়ক – চাৰি বছৰত অসমলৈ কেন্দ্ৰৰ মাত্ৰ ৪৪ কোটি বান সাহায্য; প্ৰদ্যুৎ বৰদলৈৰ পত্ৰত উন্মোচিত কেন্দ্ৰ চৰকাৰৰ অসমপ্ৰীতি