গুৱাহাটী : মহানগৰীৰ নেডফি চেণ্টাৰত অনুষ্ঠিত হয় ‘The North East Direct Selling Expo’। ভাৰতীয় প্ৰত্যক্ষ বিক্ৰী সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই বাণিজ্য মেলা।
বাণিজ্য মেলাত উত্তৰ পূৱৰ শীৰ্ষ বিক্ৰেতা সকল একলগ হয়।
ভাৰতীয় প্ৰত্যক্ষ বিক্ৰী সংস্থাই ২০১৯-২০ বৰ্ষত উত্তৰ পূবত ১৬২১ কোটি টকাৰ ব্যৱসায় কৰে। অসমত ৭৭১.৬ কোটি টকাৰ বজাৰ দখল কৰে উদ্যোগটোৱে। দেশৰ ভিতৰতে ব্যৱসায়ত নৱম স্থান দখল কৰে অসমে।
লগতে পঢ়ক : নাজিৰাত চোৰে লৈ যায় টাটা চুমু
অসমৰ প্ৰত্যক্ষ বিক্ৰী উদ্যোগে ১০০ কোটিৰো অধিক কৰ প্ৰদান কৰে চৰকাৰক। এই উদ্যোগৰ জৰিয়তে অসমত ২ লাখ লোকে সংস্থাপন লাভ কৰে। ২০১৮-১৯ বৰ্ষৰ ১৩,০৮০ কোটি বিপৰীতে ২০১৯-২০ বৰ্ষত ১৬,৭৭৬ কোটি টকাৰ বজাৰ দখল উদ্যোগটোৰ।