নিউজ ডেস্কঃ ১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বৃহস্পতিবাৰে মঙলদৈ বন্যপ্ৰাণী বিভাগৰ বিভাগীয় বন বিষয়া প্ৰদীপ্তা বৰুৱাই জাৰি কৰা এক জাননী অনুসৰি হাতী আৰু জীপ চাফাৰীসমূহ ১ মে’ৰ পৰা পৰৱৰ্তী জাননীলৈকে জাৰি নকৰা পৰ্যন্ত বন্ধ ৰখা হ’ব।
লগতে পঢ়কঃমানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত আটক এজন চোৰাং চিকাৰী
বিগত বৰ্ষও বৰ্ষা ঋতুত আৰু কোভিড-১৯ৰ বাবে কেইবা মাহ ধৰি ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ ৰখাৰ পিছত ছেপ্টেম্বৰ মাহত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছিল হাতী আৰু জীপ চাফাৰী। উল্লেখ্য যে, প্ৰতি বছৰে বাৰিষা কালত উদ্যানখন পৰ্যটকৰ বাবে বন্ধ ৰখা হয়।