টীয়কৰ পৰা স্মৃতি প্ৰিয়া লাহন – টীয়ক সমষ্টিৰ অন্তৰ্গত বানেগৰকা জাঁজীমুখৰ গৰখাৱৈপাৰৰ তপতপি গাঁৱৰ ৰাইজে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হোৱাত এতিয়া ক্ষোভৰ সৃষ্টি হৈছে। গাঁৱখনৰ প্ৰায় ৭৫ টা পৰিয়ালৰ জীৱন জীৱিকাৰ একমাত্ৰ সমল হ’ল খেতি পথাৰ। গৰু-ছাগলী পালন কৰিয়েই কোনোমতে পেটে ভাতে খাই আছে গাঁৱখনৰ জনতাই। চৰকাৰে ঘোষণা কৰা অৰুণোদয়, উজ্বলা, গৃহ, খোৱাপানী তথা ৰাস্তা-ঘাট, বিজুলী আদি একোৱেই সুবিধা নাই গাঁৱখনত।

জনপ্ৰতিনিধি তথা উৰ্ধতম কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰাৰ পাছতো স্বাধীনতাৰ ৭৫ বছৰৰ এই অমৃত মহোৎসৱ উদযাপনৰ সময়তো গাঁৱবাসীয়ে চৰকাৰী অভিলাষী সা-সুবিধাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ১৫ আগষ্টৰ পূৰ্বে জিলা প্ৰশাসন বা সংশ্লিষ্ট কৰ্তৃপক্ষই গাঁও খনৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি নিদিয়ে তেনেহ’লে স্বাধীনতা দিৱস বৰ্জন কৰি উক্ত দিনা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ ভাবুকি প্ৰদান কৰিছে গাঁৱবাসীয়ে।

ইপিনে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ উপৰিও আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত এইসকল দৰিদ্ৰতাই কোঙা কৰা ৰাইজে পঞ্চায়তত ২০০, ৩০০পৰ্যন্ত টকা দি নিজৰ প্ৰাপ্য গ্ৰহণ কৰিবলগীয়া হোৱা ঘটনাই পঞ্চায়তখনৰ দুৰ্নীতি পোহৰলৈ আনিছে বুলি চৰ্চা হৈছে। লগতে পঞ্চায়তটোত এনে শাসনৰ বিপৰীতে অন্য দলক সমৰ্থন কৰাৰো হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগী জনতাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply